ETV Bharat / state

AJYCP protest at Naharkatia: বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত উত্তাল নাহৰকটীয়া - Municipal tax hike in Naharkatia

বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত নাহৰকটীয়াত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ (AJYCP Protest against tax hike at Naharkatia)। ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ব্যৱসায়ীৰ অংশগ্ৰহণেৰে স্তব্ধ নাহৰকটীয়া ।

Protest in Naharkatia Municipality Office
নাহৰকটীয়াত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Mar 20, 2023, 9:45 PM IST

নাহৰকটীয়াত যুৱ-ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

মৰাণ, ২০ মাৰ্চ: শেহতীয়াভাৱে ৰাজ্য় চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তৰ্গত গৃহ কৰকে আদি কৰি অন্য়ান্য কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (AJYCP Protest at Naharkatia)। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া নগৰৰ ৰাইজৰ সহযোগত সোমবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী নীতি বাতিলৰ দাবীত আজি নাহৰকটীয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

প্ৰতিকূল বতৰকো নেওচি ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক গৌৰাংগ গগৈয়ে পৌৰ কৰ অভাৱনীয় হাৰত বৃদ্ধি কৰা বাবে চৰকাৰক তীব্ৰ সমালোচনা কৰে (Protest in Naharkatia Municipality Office)। তেওঁ কয় যে, দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনসাধাৰণৰ বাবে বৰ্ধিত কৰৰ বোজা বহন কৰা সম্ভৱ নহয় ৷ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই প্ৰতিখন পৌৰনিগম আৰু পৌৰসভাত স্থানীয়ভাৱে জনশুনানী আৰু ৰাজহুৱা ওজৰ আপত্তি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া স্বত্বেও অতি কৌশলৰে জনশুনানী বা ৰাজহুৱা অভিযোগৰ কোনো গুৰুত্ব নিদি পৌৰ কৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ।

চৰকাৰৰ এনে জনবিৰোধী কাৰ্যত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধীতা কৰি যাব বুলি তেওঁ মত পোষণ কৰে (Municipal tax hike in Naharkatia)। তেওঁ লগতে নাহৰকটীয়া পৌৰসভাৰ পৌৰপতিৰ লগতে পৌৰসভাখনক ধিক্কাৰ জনাই কয় যে,ৰাইজৰ প্ৰতিবাদক কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰি নিজৰ কাৰ্যালয়ত বহি ৰং চাইহে আছে । বিজেপিৰ নেতৃত্বত গঠন হোৱা এই পৌৰসভাখনে ৰাইজৰ প্ৰতিবাদক সন্মান নজনালে ভৱিষ্যতে ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদকগৰাকীয়ে ।

এই প্ৰতিবাদী কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক গিৰীণ চেতিয়া ,জিলা উপ-সভাপতি নৱজ্যোতি গগৈ ,উপদেষ্টা ৰাজু সোণোৱালসহ নাহৰকটীয়া নগৰৰ কেইবা শতাধিক জনতাই তথা ব্যৱসায়ীয়ে নিজ নিজ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখি প্ৰতিবাদত অংশগ্ৰহণ কৰে । ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী নীতি বাতিলৰ দাবীত আজি নাহৰকটীয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে ।

স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় । এই সভাতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ তথা বৃহত্তৰ নাহৰকটীয়া নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি চন্দন সন্দিকৈ, উপদেষ্টা কমল মজুমদাৰ আৰু নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ত্ৰিদিৱ শইকীয়াই প্ৰতিবাদী বক্তব্য প্ৰদান কৰে ।

স্মাৰকপত্ৰৰ খনৰ যোগেদি অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে পৌৰকৰ সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে পৌৰকৰ সন্দৰ্ভত যোৱা ১০ মার্চত জাৰি কৰা জাননী বাতিল কৰাৰ লগতে সামগ্ৰিকভাৱে পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ তৎকাল বাতিল কৰাৰ দাবী জনোৱাৰ লগতে অসম পৌৰসভা আইন (১৯৫৬) ক সন্মান জনাই নতুন পৌৰকৰ ধাৰ্য কৰাৰ পূৰ্বে সংশ্লিষ্ট পৌৰ নিগম বা পৌৰসভা বিষয়া কৰ্মচাৰীৰ দ্বাৰা জৰীপ কৰোৱাই তাৰ ভিত্তিত কৰৰ নিৰিখ ধাৰ্য কৰাৰ লগতে সেই নিধি চূড়ান্ত কৰাৰ পূর্বে এমাহৰ সময় দি ৰাজহুৱা জাননী আৰু ওজৰ আপত্তি গ্ৰহণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে । অন্যথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ভৱিষ্যতৰ দিনত ইয়াতকৈ অধিক জংগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক:Gamocha price hike:ৰঙালী বিহুৰ পূৰ্বেই দাম বৃদ্ধি থলুৱা গামোচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.