ETV Bharat / state

দিল্লীক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব পাৰে: লুৰীণজ্যোতি গগৈ - AJP president Lurinjyoti Gogoi

দিল্লীক সন্তুষ্ট কৰিবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কাম কৰিব পাৰে ৷ চিন্তন শিবিৰ(Chintan Shivir in Kaziranga) অনুষ্ঠিত কৰি সদগুৰুক আমন্ত্ৰণ জনোৱাতো ৰহস্য আছে ৷ সীমা সমস্যাৰ সমাধান কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই যি এৰা-ধৰা কৰিব বিচাৰিছে সেয়া একামাত্ৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম ডাঙৰ কৰিবলৈ ৷ এইদৰে মন্তব্য কৰিলে লুৰীণজ্যোতি গগৈয়ে ৷

দিল্লীক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব পাৰে: লুৰীণজ্যোতি গগৈ
দিল্লীক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব পাৰে: লুৰীণজ্যোতি গগৈদিল্লীক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব পাৰে: লুৰীণজ্যোতি গগৈ
author img

By

Published : Sep 25, 2022, 8:06 PM IST

ডিব্ৰুগড়, 25 ছেপ্টেম্বৰ: চৰকাৰৰ কামকাজ অধিক গতিশীল কৰাৰ উদ্দেশ্যে চৰকাৰে কাজিৰঙাত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে চিন্তন বৈঠক (Chintan Shivir in Kaziranga)। চিন্তন বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা সকলো মন্ত্ৰী, উচ্চ পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰাৰ লগতে অংশ লৈছে সদগুৰু আৰু আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰে ।

কাজিৰঙাত অনুষ্ঠিত চৰকাৰৰ চিন্তন বৈঠকক লৈ বিৰোধী কংগ্ৰেছে তীব্ৰ সমালোচনা কৰাৰ সমান্তৰালভাৱে চৰাইদেউৰ মাহমৰাত উপস্থিত হৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও সমালোচনা কৰা পৰিলক্ষিত হয় । সদগুৰু আৰু আধ্যাত্মিক গুৰু শ্ৰীশ্ৰী ৰবি শংকৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই চিন্তন বৈঠক দিল্লীক সন্তুষ্ট কৰিবলৈ অনুষ্ঠিত কৰা বুলিও সমালোচনা কৰে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে (Lurinjyoti Gogoi on Chintan Shivir)।

দিল্লীক সন্তুষ্ট কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব পাৰে: লুৰীণজ্যোতি গগৈ

"সদগুৰুৰ অসম আগমনতো যে ডাঙৰ ৰসহ্য থাকিব সেই কথা সময়ত প্ৰমাণিত হ'ব (Satguru in Kaziranga)। কিয়নো পূৰ্বতে ৰামদেৱক অসমলৈ অদৰণি জনাই খেতি কৰাৰ বাবে মাটি দি দিছে, আদানীক আদৰণি জনাই বিমান বন্দৰ দি দিছে । মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰতিটো কথা-বতৰা, কাম-কাজ কৰে কেৱল নিজক দিল্লীত প্ৰতিষ্ঠিত হ’বলৈ । নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবলৈ"। এইদৰে কয় লুৰীণজ্যোতি গগৈয়ে ৷

দিল্লীক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যিকোনো কামেই কৰিব বুলি তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (AJP president Lurinjyoti Gogoi)। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ লগত ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিযোগিতা কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷

আনহাতে সীমা সমস্যা সমাধানৰ(Border conflict of Assam) ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মসমৰ্পনৰ মানসিকতা প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে, অসমৰ মাটি এৰি দি হ’লেও ৰাষ্ট্ৰীয় প্ৰক্ষাপটত নিজৰ নাম ডাঙৰ কৰাৰ চেষ্টা কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: আইন ভংগ কৰি নিশা কাজিৰঙাত প্ৰৱেশ: মুখ্যমন্ত্ৰীসহ সদগুৰুৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.