মৰাণ,২৩ মাৰ্চ: ১১৭ নং লাহোৱাল বিধানসভা সমষ্টিত প্ৰতিটো দলৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে । লাহোৱালত অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী লিখন বৰুৱাই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । মঙলবাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে ৰহমৰীয়াৰ বাসগৃহৰ পৰা দলীয় সমৰ্থকসহ ৰহমৰীয়া মৌজাৰ চামনী গাঁও, গোৱাল চুক, বৰতী চুক, চাপৰী গাঁও, নিজ ৰহমৰীয়া, গেনী চুক, হাঁহৰীয়াল, বগৰীতলীয়া হৈ ধুপাবৰ মাইজানলৈকে পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । এই পদযাত্ৰাৰ সময়ত দলটোৱে পথ সভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলে ।
এজেপি প্ৰাৰ্থী লিখন বৰুৱাই কয় যে, বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰহমৰীয়াবাসীয়ে বিগত পাঁচ-ছয় দশক ধৰি খহনীয়াৰ সমস্যা ভূগি আছে ৷ বিজেপি চৰকাৰে কেৱল মাত্ৰ উন্নয়নৰ শ্ল’গান দি ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে ৷ জাতিৰ উৰ্দ্ধত কেতিয়াও ৰাজনীতি নহয় ৷ ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দলবিলাকে দিয়া প্ৰতিশ্ৰুতি এতিয়া অসাৰ প্ৰতিপন্ন হৈছে ৷
তেওঁ লগতে কয় যে, লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাই 'কা’ আন্দোলনৰ সময়ত লাহোৱালৰ ৰাইজৰ ওপৰত যি অপবাদ জাপি থৈছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত ৰহমৰীয়াবাসী ৰাইজৰ যি বদনাম ৰচিলে, সেয়া লাহোৱাল সমষ্টি তথা ৰহমৰীয়াবাসীয়ে আজিও পাহৰা নাই ৷ এনে এগৰাকী প্ৰাৰ্থীৰ সপক্ষে ৰহমৰীয়াবাসী ৰাইজে ভোটদান কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই বুলি মন্তব্য কৰে লিখন বৰুৱাই ৷ তেওঁ লগতে এইবাৰ নিৰ্বাচনত জাতীয়তাবাদৰ সপক্ষে ভোটদান কৰিবলৈ লাহোৱালবাসীক আহ্বান জনায় ৷
লগতে পঢ়ক : শীঘ্ৰেই দেশত বলৱৎ হ'ব CAA:বিজেপি সভাপতি জে পি নাড্ডা