ETV Bharat / state

ডিব্ৰুগড়ত মুকলি কঠীয়া সিঁচা আঁচনি

author img

By

Published : Jul 2, 2020, 10:51 PM IST

ডিব্ৰুগড়ত আৰম্ভ হৈছে কঠীয়া সিঁচা আঁচনিৰ কাম । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাই বৃহস্পতিবাৰে শুভাৰম্ভ কৰে এই ব্যতিক্ৰমী কৃষি আঁচনিৰ ।

ডিব্ৰুগড়ত মুকলি কঠীয়া সিঁচা আঁচনি
ডিব্ৰুগড়ত মুকলি কঠীয়া সিঁচা আঁচনি

ডিব্ৰুগড়, 2 জুলাই : চলিত বৰ্ষত প্ৰলয়ংকাৰী বানত নষ্ট হৈছে হাজাৰ হাজাৰ হেক্টৰ বিঘাৰ খেতি পথাৰ । এই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা কৃষকক যোগান ধৰিব পৰাকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত কঠীয়া সিঁচাৰ এক ব্যতিক্ৰমী চৰকাৰী আঁচনি আৰম্ভ হৈছে ডিব্ৰুগড়ৰ খনিকৰত ।

এই আঁচনিৰ যোগেৰে বানত ক্ষতি হোৱা কৃষকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব কঠীয়া । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাই বৃহস্পতিবাৰে শুভাৰম্ভ কৰে এই ব্যতিক্ৰমী কৃষি আঁচনিৰ । ডিব্ৰুগড়ৰ খনিকৰৰ খালী হৈ থকা ৪ হেক্টৰতকৈ অধিক ভূমিত ২০ খন ট্ৰেক্টৰেৰে আৰম্ভ হৈছে মাটি চহোৱা কাম ।

ডিব্ৰুগড়ত মুকলি কঠীয়া সিঁচা আঁচনি

আগন্তুক ৪ তাৰিখৰ পৰা উন্নত মানৰ ধানৰ বীজ সিচা হ'ব এই চহোৱা মাটিত । বীজ সিঁচাৰ ২০ৰ পৰা ২২দিনৰ ভিতৰতে কঠীয়া বিতৰণ পৰ্ব আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে বিধায়ক ঋতুপৰ্ণ বৰুৱাই । প্ৰতিজন কৃষকক খেতি পথাৰৰ বৰ্গ অনুসৰি সম্পূৰ্ণ বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব উন্নত মানৰ কঠীয়া ।

লগতে পঢ়ক : এমাহেও নিৰ্বাপিত নহ'ল বাঘজানৰ জুইঃ গুইজানত পুনৰ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.