মৰাণ, 22 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় এখন সভা ৷
উক্ত সভাতে শৈক্ষিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুধৰ নাথে ৷ অনুষ্ঠানত ইউ জি চিৰ সদস্য কিৰণ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জে পি বাৰ্মা, পঞ্জীয়ক সঞ্জয় দত্ত আদি উপস্থিত থাকে ৷
উল্লেখ্য যে, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচীৰ অধীনত প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰম ক্ৰীড়া প্ৰশিক্ষণৰ পাঠদান প্ৰক্ৰিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া আৰু শাৰীৰিক শিক্ষা কেন্দ্ৰৰ পৰাই আৰম্ভ হ'ব ৷
লগতে পঢ়ক: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে