ETV Bharat / state

AATSA Protest : কিশোৰীৰ হত্যাকাৰীক শাস্তিৰ দাবীত দুলীয়াজানত প্ৰতিবাদ - AATSA protest

পৰী কৰ্মকাৰৰ মৃত্যুক লৈ উত্তাল দুলীয়াজান (Minor girl death in Duliajan)। বনকৰা কিশোৰীগৰাকীৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী প্ৰতিবাদকাৰীৰ । অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিবাদ ।

AATSA Protest
হত্যাকাৰীক শাস্তিৰ দাবীত দুলীয়াজানত প্ৰতিবাদ
author img

By

Published : Nov 9, 2022, 5:09 PM IST

মৰাণ,৯ নৱেম্বৰ : মৰাণত কিশোৰীৰ চাঞ্চল্যকৰ মৃত্যুক লৈ উত্তেজনা অব্যাহত আছে (Minor girl death in Duliajan)। অভিযোগ অনুসৰি এগৰাকী বনকৰা কিশোৰীক হত্যা কৰি পৰিকল্পিতভাৱে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল চেনীৰাম দাস নামৰ এগৰাকী শিক্ষকে । এই ঘটনাৰ পাছতে সমগ্ৰ মৰাণত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

অভিযুক্ত শিক্ষকক উচিত শাস্তি প্ৰদানৰ দাবীত বিভিন্ন দল-সংগঠনে ইতিমধ্যে প্ৰতিবাদ অব্যাহত ৰাখিছে । দুলীয়াজানতো বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । বুধবাৰেও দুলীয়াজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AATSA protest)। পৰী কৰ্মকাৰ নামৰ বনকাৰ কিশোৰীগৰাকীৰ হত্যাকাৰী অভিযুক্ত চেনীৰাম দাসক অতিশীঘ্ৰে ফাঁচী দিয়াৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদস্থলীত আটাছুৰ লগতে কেইবাটাও জনগোষ্ঠীয় দল-সংগঠনে অংশগ্ৰহণ কৰে । দুলীয়াজানৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীয়ে ।

হত্যাকাৰীক শাস্তিৰ দাবীত দুলীয়াজানত প্ৰতিবাদ

ইয়াৰ পূৰ্বেও এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আটছা, আছাসহ জনগোষ্ঠীটোৰ ভাতৃ সংগঠন কেইটাই । টেঙাখাট আৰু দুলীয়াজানত পৰী কৰ্মকাৰৰ উচ্চস্তৰীয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰতম শাস্তিৰ দাবীত টেঙাখাট ভূপেন হাজৰিকা ৰংগমঞ্চৰ পৰা সমদল বাহিৰ কৰি ডিব্ৰুগড়-দুলীয়াজান সংযোগী মূল পথ আৰু টেঙাখাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তুলিছিল টেঙাখাট চহৰ । ইয়াৰ মাজতে পুনৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল কৰি তোলে দুলীয়াজান চহৰ ।

উল্লেখ্য যে যোৱা ৩১ অক্টোৱৰত টেঙাখাট অঞ্চলৰ শিক্ষক চেনীৰাম দাসে দুলীয়াজানৰ পৰী কৰ্মকাৰ নামৰ এগৰাকী বনকৰা কিশোৰীক পৰিকল্পিতভাৱে হত্যা কৰি পিছত সমগ্ৰ ঘটনাটো আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল বুলি অভিযোগ উঠিছিল । শিক্ষক চেনীৰাম দাসে পৰী কৰ্মকাৰক দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলিও প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে ।

অতি শীঘ্ৰে শিক্ষক চেনীৰাম দাসক ন্যায়িক তদন্তৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে । অৱশ্যে দল-সংগঠনসমূহৰ এই প্ৰতিবাদৰ প্ৰতি প্ৰশাসন তথা অসম আৰক্ষীয়ে কিধৰণে সঁহাৰি দিয়ে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Assam CM on Tejaswita death: কাৰ ভুলৰ বাবে তেজস্বিতাৰ মৃত্যু হৈছিল ? গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.