ETV Bharat / state

AASU Protest at Namrup : নামৰূপ সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে নামৰূপত আছুৰ অনশন কাৰ্যসূচী - আছুৰ প্ৰতিবাদ

নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত 24 ঘন্টীয়া অনশন কাৰ্যসূচী পালনেৰে আছুৰ প্ৰতিবাদ ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামৰূপ অঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰূপায়ণ কৰা হয় এই অনশন কাৰ্যসূচী ৷

AASU stages hunger strike at BVFCL
নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰত আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 14, 2023, 7:00 PM IST

সাৰ কাৰখানা বন্ধৰ বিৰোধিতাৰে নামৰূপত আছুৰ অনশন কাৰ্যসূচী

ডিব্ৰুগড়, 14 আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানা বন্ধ কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছৰে পৰা নামৰূপ সাৰ কাৰখানাক লৈ আজিও অব্যাহত আছে প্ৰতিবাদ ৷ নামৰূপ সাৰ কাৰখানা বন্ধ কৰিবলৈ চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ বিশেষকৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নামৰূপ সাৰ কাৰখানাৰ সন্মুখত আছুকে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক সংগঠনে অব্যাহত ৰাখিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৷

সোমবাৰে পুৱাৰে পৰা নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত 24 ঘন্টীয়া অনশন কাৰ্যসূচী পালনেৰে আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰাৰ লগতে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বাতিলৰ লগতে সাৰ কেলেংকাৰীৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা তদন্তৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰূপায়ণ কৰা হয় এই অনশন কাৰ্যসূচী ৷ এই কাৰ্যসূচীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিৰূদ্ধে ক্ষোভ উজাৰে ৷

নামৰূপ সাৰকাৰখানা পুনৰুজ্জীৱিত কৰা লগতে চতুৰ্থ গোট স্থাপনৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড় জিলা সন্থাই নামৰূপ সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত নাম, কীৰ্ত্তন, গায়ন-বায়নেৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সুমতি কামনাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ উল্লেখযোগ্য যে 2015 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিয়েই 100 দিনীয়া অৰ্থনৈতিক পৰিক্ৰমাৰ মাজত সাৰ কাৰখানাৰ চতুৰ্থগোট স্থাপনৰ বাবে অনুমোদন জনাইছিল যদিও বিগত 8 বছৰে নিৰ্মাণ নহ'ল চতুৰ্থ গোটটো ৷

সেয়ে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হুংকাৰ প্ৰদান কৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : Mission Thoughtful Tinsukia: তিনিচুকীয়াত দিব্যাংগসকলৰ বাবে প্ৰশাসনৰ বিশেষ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.