ETV Bharat / state

সাপেখাতী মহাবিদ্যালয়ৰ নিৰ্বাচনত আছুৰ বৃহৎ জয়লাভ - আছু

সাপেখাতী মহাবিদ্যালয়ৰ 2020-2021 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয়লাভ ৷ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আছু আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰক্ষেপিত কৰিছিল প্ৰাৰ্থী ৷ সভাপতি আৰু সাধাৰণ সম্পাদকৰ উপৰিও আছুৰ অন্য পদত আছুৰ 10 গৰাকী প্ৰাৰ্থীৰ জয়লাভ ৷

aasu candidate achieved huge success in sapekhati college election
সাপেখাতী মহাবিদ্যালয়ৰ নিৰ্বাচনত আছুৰ বৃহৎ জয়লাভ
author img

By

Published : Mar 13, 2021, 2:05 PM IST

মৰাণ, 13 মাৰ্চ: ঐতিসাহিক চৰাইদেউ জিলাৰ সাপেখাতী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান সাপেখাতী মহাবিদ্যাল়ৰ 2020-2021 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন শুকুৰবাৰে অনুষ্ঠিত হয় । উক্ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা আছু আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দ্বাৰা প্ৰক্ষেপিত বহু কেইগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা কৰিছিল যদিও আছুৰ দ্বাৰা প্ৰক্ষেপিত সভাপতি, সাধাৰণ সম্পাদকৰ উপৰিও 10 জন প্ৰাৰ্থীয়ে বিভিন্ন বিভাগত বিপুল ভোটত জয় লাভ কৰে ৷

জানিব পৰা মতে, সভাপতিৰ পদত প্ৰতিদ্বন্দীতা আগবঢ়োৱা বিক্ৰম শব্দকাৰে কিৰণ বুঢ়াগোহাঁইক পাঁচটা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷ সাধাৰণ সম্পাদকৰ পদত তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা আবঢ়াইছিল যদিও ভাস্কৰৰ বৰাই দুয়োজন প্ৰাৰ্থীতকৈ প্ৰায় 80 টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ৷

সহকাৰী সম্পাদক পদত তৰালী গগৈ, গুৰু ক্ৰীড়া সম্পাদক হিছাপে পূৰ্ণ গগৈ, লঘু ক্ৰীড়া সম্পাদক পদত জ্ঞানদ্বীপ ভূঞা, সাংস্কৃতিক সম্পাদিকা পদত সুৰভী গগৈ, আলোচনী সম্পাদক পদত বিশ্বজিৎ দোলাকাষৰীয়া, তৰ্ক বিভাগৰ সম্পাদিকা পদত গৌৰি হাজৰিকা, ছাত্ৰী জিৰণীচৰা সম্পাদিকা পদত ৰীতা নাথ, সমাজ সেৱা বিভাগৰ সম্পাদক পদত নয়ণজ্যোতি বৰা জয়ী হয় ৷

জয়লাভ কৰা প্ৰাৰ্থী সকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই আছুৰ বিষয়ববীয়াই মহাবিদ্যালয় প্ৰাংগনৰ পৰা আছুৰ সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়লৈ ফটকা আটচবাজিৰে সমদল কৰি আগবঢ়াই আনে ৷

লগতে পঢ়ক: মাৰ্ঘেৰিটাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱালে বিজেপি কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.