ETV Bharat / state

Religious Rally During Exam: পৰীক্ষা চলি থকাৰ সময়তে ডিব্ৰুগড়ত একাংশ ধৰ্মীয় উন্মাদে উলিয়ালে বিশাল সমদল - সামাজিক পৰিৱেশ বিনষ্ট

144 ধাৰা উলংঘা কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ সময়তে ডিব্ৰুগড়ত একাংশ ধৰ্মীয় উন্মাদৰ আচৰণক লৈ জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Huge rally in Dibrugarh during exam) ৷ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ মাজতে একাংশই চহৰখনৰ মাজেৰে উলিয়ালে বিশাল সমদল ৷ ডিব্ৰুগড় জিলা প্ৰশাসনেও গ্ৰহণ কৰিলে নীৰৱ ভূমিকা ৷

Religious Rally During Exam
পৰীক্ষা চলি থকাৰ সময়তে ডিব্ৰুগড়ত একাংশ ধৰ্মীয় উন্মাদে উলিয়ালে বিশাল সমদল
author img

By

Published : Mar 3, 2023, 7:08 PM IST

পৰীক্ষা চলি থকাৰ সময়তে ডিব্ৰুগড়ত একাংশ ধৰ্মীয় উন্মাদে উলিয়ালে বিশাল সমদল

ডিব্ৰুগড়, 3 মাৰ্চ: ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (Assam HSLC exam) ৷ কিন্তু এই ক্ষেত্ৰত কিমান সচেতন আমাৰ সমাজখন ? একাংশ লোকৰ কৰ্মকাণ্ডৰ বাবে পুনৰ উত্থাপন হৈছে এই প্ৰশ্ন ৷

যি সময়ত আজিৰে পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰতিখন জিলাতে 144 ধাৰা জাৰি কৰা হৈছে, তেনে সময়তে একাংশ ধৰ্মীয় উন্মাদে উলংঘা কৰিলে 144 ধাৰা ৷ এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাত ৷ পৰীক্ষা চলি থকাৰ মাজতে একাংশ ধৰ্মীয় উন্মাদে ডিব্ৰুগড় চহৰৰ মাজেৰে উলিয়ালে বিশাল সমদল ৷ এইসকল ধৰ্মীয় উন্মাদনাৰ কৰ্মকাণ্ডক লৈ এতিয়া জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

বেণ্ড পাৰ্টি, উচ্চ প্ৰাৱল্য শব্দ ব্যৱহাৰ কৰি ডিব্ৰুগড় চহৰত উলিওৱা হ’ল এই বিশাল সমদল । ডিব্ৰুগড়ৰ শান্তিপাৰা শ্যাম বাবা মন্দিৰ সমিতিৰ উদ্যোগত বাহিৰ কৰা হৈছিল বিশাল ধৰ্মীয় শোভাযাত্ৰাটো । কিন্তু ধৰ্মীয় উন্মাদনাৰ বাবে সকলো পাহৰি পেলোৱা এই লোকসকলক এতিয়া বুজাব কোনে ? পৰীক্ষাৰ মাজতে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ অঘোষিত প্ৰতিযোগিতাত যেন নামি পৰিল একাংশ ৷ এই সমদলৰ বাবে প্ৰশাসনে কিয় অনুমতি প্ৰদান কৰিলে তাক লৈয়ো উত্থাপন হৈছে প্ৰশ্নৰ (Religious lunatics took out a huge rally) ৷

পৰীক্ষাৰ মাজত উশৃংখলভাৱে এনে ধৰ্মীয় সমদল বাহিৰ কৰাটো কোনেও মানি ল’ব পৰা নাই । কেৱল সিমানেই নহয়, পৰীক্ষা কেন্দ্ৰৰ আগেদিয়েই এই সমদল বাহিৰ কৰা হৈছিল যদিও ডিব্ৰুগড় প্ৰশাসনে পালন কৰিলে নীৰৱ ভূমিকা ।

পৰীক্ষাৰ আগমুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাক লৈ ৰাজ্যৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । শিৱসাগৰতো পৰীক্ষাৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে আয়োজন কৰা অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ জুবিন গাৰ্গক আমন্ত্ৰণ কৰাকলৈয়ো সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ কিন্তু তাৰ পাচতো একাংশ ধৰ্মীয় উন্মাদে ডিব্ৰুগড়ত উলিয়ালে বিশাল সমদল ৷ জিলাখনৰ অন্য প্ৰান্তত শান্তিপূৰ্ণভাৱে পৰীক্ষা অনুষ্ঠিত হ’ল যদিও ডিব্ৰুগড় চহৰৰ মাজমজিয়াত 144 ধাৰা উলংঘন কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: HSLC examination starting today : মুঠ ৪,২২,১৭৪ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব এইবাৰৰ মেট্ৰিক পৰীক্ষাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.