মৰাণ, 2 জুলাই : ক'ভিড ভয়াৱহতাৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত প্ৰথম বাৰৰ বাবে অসমলৈ আহি গ্ৰেপ্তাৰ হৈছে দিল্লীৰ এজন যুৱক ৷ তাৰ পাচতে পোহৰলৈ আহিছে মহিলা সৰবৰাহৰ ঘটনা ৷ কি দৰে মহিলাক ঠগ প্ৰৱঞ্চনা কৰি প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰে ৷
জানিবপৰা মতে, সামাজিক মাধ্যমত প্ৰথমে চিনাকী হৈ ডিব্ৰুগড় জিলাৰ জকাই পুৰণি বলাই গাঁৱৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাক দিল্লীলৈ নিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰে দিল্লীৰ এজন যুৱক । পৰিয়ালৰ সন্দেহ বহিঃৰাজ্যত মহিলা গৰাকীক বিক্ৰী কৰিবলৈ নিয়া বাবে চেষ্টা কৰিছিল যুৱকজনে । যুৱক জনৰ নাম অজিত ৰাজপাল ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে নাৰী সৰবৰাহকাৰী ৪১ বছৰীয়া অজিত ৰাজপালে ম'বাইলৰ যোগেদি ভিডিঅ' কল কৰি বোৱাৰী গৰাকীৰ সৈতে চিনাকী হোৱাৰ পাচতে বৃহস্পতিবাৰে হঠাৎ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয় ৷ অজিতে বোৱাৰী গৰাকীক লগত লৈ দিল্লীলৈ নিয়াৰ সময়তে CISF ৰ সন্দেহ হোৱাত তাৎক্ষণিকভাৱে মোহনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত সোণোৱালক খবৰ দিয়াত বিমান বন্দৰৰ পৰা আটক কৰি লৈ আহে ।
ইপিনে যুৱক জনৰ ম'বাইলত বহু যুৱতীৰ সৈতে ভিডিঅ' কল কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে । ইতিমধ্যে দিল্লীৰ অজিত ৰাজপালৰ বিৰুদ্ধে বৰবৰুৱা আৰক্ষী থানাত বোৱাৰী গৰাকীৰ স্বামীয়ে গোচৰ ৰুজু কৰিছে । কি কাৰণত মহিলাক দিল্লীলৈ নিবলৈ আহিছিল সেইয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব । ইতিমধ্যে মহিলা গৰাকীৰ স্বামীৰ এজেহাৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়কঃ ডেৰ বছৰীয়া বন্দীত্বৰ অৱসানেৰে মুকলি আকাশৰ তলত অখিল গগৈ