মৰাণ, ৩০ অক্টোবৰ: শিক্ষাৰ লগতে সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো জিলিকি উঠিবলৈ সক্ষম হোৱা উজনি অসমৰ মহিলাৰ উচ্চশিক্ষাৰ অন্যতম প্ৰাণ কেন্দ্ৰ হৈছে মৰাণ মহিলা মহাবিদ্যালয় । মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 2018-19 বৰ্ষত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে 50 লাখ টকাৰ অনুদান আগবঢ়াইছিল ৷
ৰাজ্য চৰকাৰে আগবঢ়োৱা অনুদানৰ সহায়ত মহাবিদ্যালয়খন শ্ৰেণীকোঠা আৰু আলোচনা কক্ষ নিৰ্মাণৰ বাবে সাজু হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ । বৃহস্পতিবাৰে মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠা আৰু আলোচনা কক্ষৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যিক মন্ত্ৰী যোগেন মহনে ।
এই অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে পৰিচালনা সমিতিৰ সকলো সদস্য । শ্ৰেণীকোঠা আৰু আলোচনা কক্ষৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে ছাত্ৰীসকলৰ বহুদিনীয়া অভাৱ পূৰণ হ'ব বুলি আশাবাদী মহাবিদ্যালয় কৰ্তৃপক্ষ ।
লগতে পঢ়ক:পুৱতি নিশা কৰিমগঞ্জৰ মাদ্ৰাছাত ৰহস্যজনক অগ্নিকাণ্ড