ETV Bharat / state

মৰাণত ব্যক্তিগত প্ৰচেষ্টাৰে পকী দলং নিৰ্মাণত ব্যস্ত এজন ব্যক্তি - মৰাণত ব্যক্তিগত প্ৰচেষ্টাৰে পকী দলং নিৰ্মাণত ব্যস্ত এজন ব্যক্তি

শুকান পুখুৰী বাইলুং গাঁৱৰ বাসিন্দা হৰেশ্বৰ বাইলুঙে চলিত বৰ্ষৰ আৰম্ভণিতে উক্ত পকী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে । ইতিমধ্যে দলংখন নিৰ্মাণৰ প্ৰায় ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে । বাঢ়নী পানীৰ ফলত নিৰ্মাণৰ বাকী অংশ কাম থমকি ৰৈছিল যদিও এতিয়া পুনৰ আৰম্ভ কৰিছে । উক্ত দলংখন মেৰামতিৰ বাবে ৰাইজে জনপ্ৰতিনিধিৰ লগতে ONGC ক বহু আবেদন-নিবেদন কৰিও কোনো সঁহাৰি নাপালে ৷

Moran
মৰাণ
author img

By

Published : Sep 1, 2020, 10:36 PM IST

মৰাণ, ১ ছেপ্তেম্বৰঃ মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে অসাধ্য কামো সম্ভৱ কৰি তুলিব পাৰি । তাৰেই এক নিদৰ্শন দাঙি ধৰিছে মৰাণৰ এজন ব্যক্তিয়ে । ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া মৰাণ আৰু থাওৰা বিধানসভা সমষ্টিৰ সীমাত থকা ডিমৌ নদীৰ ওপৰৰ দলংখন সাঁচতীয়া টকাৰে নিৰ্মাণ কৰি দিয়া থিৰাং কৰিছে এগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে ৷ বেজপথাৰ আৰু শুকানপুখুৰী বাইলুং গাঁৱৰ মাজত থকা ডিমৌ নদীৰ ওপৰৰ দলংখনৰ অৱস্থা অতি জৰাজীৰ্ণ ৷ তৎসত্বেও প্ৰতিনিধিসকলে দলংখন মেৰামতিৰ কোনো ব্যৱস্থা নোলোৱাত এতিয়া আগুৱাই আহিছে শুকান পুখুৰী বাইলুং গাঁৱৰ বাসিন্দা হৰেশ্বৰ বাইলুং নামৰ লোকজন ৷

লগতে পঢ়কঃ নগাঁৱত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক আৰক্ষীৰ

শুকান পুখুৰী বাইলুং গাঁৱৰ বাসিন্দা হৰেশ্বৰ বাইলুঙে চলিত বৰ্ষৰ আৰম্ভণিতে উক্ত পকী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে । ইতিমধ্যে দলংখন নিৰ্মাণৰ প্ৰায় ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে । বাঢ়নী পানীৰ ফলত নিৰ্মাণৰ বাকী অংশ কাম থমকি ৰৈছিল যদিও এতিয়া পুনৰ আৰম্ভ কৰিছে কাম । উক্ত দলংখন মেৰামতিৰ বাবে ৰাইজে জনপ্ৰতিনিধিৰ লগতে ONGC ক বহু আবেদন-নিবেদন কৰিও কোনো সঁহাৰি নাপালে ৷ কিন্তু ৰাইজৰ কষ্ট অনুভৱ কৰি আগুৱাই আহিল এইগৰাকী প্ৰতিবন্ধী ব্যক্তি হৰেশ্বৰ বাইলুং ৷ উল্লেখ্য যে, পৰিৱৰ্তনৰ শ্ল'গান দিয়া চৰকাৰ খনলৈ বাট চাই ভাগৰি পৰা ব্যক্তিজনে নিজা প্ৰচেষ্টাৰে কৰা এই মহান কৰ্মক এতিয়া সকলোৱে শলাগ লৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.