ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ তম বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

মাংগলিক নীতি নিয়মেৰে প্ৰতিষ্ঠা কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ তম বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুঁটা ৷ আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে সংঘৰ মুখ্য প্ৰদাধিকাৰ কমলাকান্ত গগৈয়ে ৷

author img

By

Published : Nov 21, 2021, 2:21 PM IST

91st-annual-session-of-srimanta-shankardev-sangha
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ তম বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

মৰাণ, 21 নৱেম্বৰ : ভক্তি ৰসত বুৰ গ’ল নাহৰকটীয়া ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ ৷ দেওবাৰে পুৱাৰ ভাগৰে পৰা ভক্তিৰসত বিলীন হ’ল নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ পদধূলাৰে দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰ হ'ল বাগ্মীবৰ ক্ষেত্ৰ।

প্ৰায় ১০ সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত মাংগলিক নীতি নিয়মেৰে প্ৰতিষ্ঠা কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘ(Srimanta Sankardev Sangha)ৰ ৯১ তম বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুঁটা । আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৪, ৫ আৰু ৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে সংঘৰ মুখ্য প্ৰদাধিকাৰ কমলাকান্ত গগৈয়ে ।

পুৱা সামূহিক চাফাই, নাম-কীৰ্তন, থিয় নাম আদিৰে শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত উপস্থিত থাকে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা, কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা সীমান্ত অঞ্চল উন্নয়ন, আৰু অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰা, মৰাণৰ বিধায়ক চক্ৰ গগৈ, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা ।

লগতে পঢ়ক : Road Construction : পথ নিৰ্মাণৰ পিছদিনাই এৰালে ব্লেক টপিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.