ডিব্ৰুগড়, ১৮ মে': ১০৭ জন যাত্ৰী লৈ সোমবাৰে পঞ্চম খন বিশেষ প্ৰৱাসী শ্ৰমিক ৰে'ল উপস্থিত হয় ডিব্ৰুগড়ত । ইয়াৰে ৪ জন অত্যাধিক জ্বৰত আক্ৰান্ত বুলি জানিবলৈ দিয়ে প্ৰশাসনে । আক্ৰান্ত সকলক লগে লগে জকাই হাস্পতালত কোৱাৰেন্টাইন কৰা হয় বুলি জানিবলৈ দিয়ে ।
অহা যাত্ৰী সকলৰ ভিতৰত ডিব্ৰুগড়ৰ ২৭ জন, ধেমাজি ৫, শিৱসাগৰ ৫,নগাঁও ১, তিনিচুকীয়া ৫৯, অৰুণাচলৰ ১০ জন যাত্ৰী । ইফালে বাছ যোগে অহা চাৰি গৰাকী ব্যক্তিগক ডিব্ৰুগড়ৰ কমফৰ্ট নামৰ হোটেলখনত তৈয়াৰ কৰা কোৱাৰেইনটাইন ব্যৱস্থাত পঠিওৱা হয় বুলি জানিবলৈ দিয়ে ।