ডিব্ৰুগড়,৭ ডিচেম্বৰ: পুনৰ অস্ত্ৰোপচাৰ সম্পন্ন আনন্দ শৰ্মাৰ(Anand Sharma health condition) । মঙলবাৰে আনন্দ শৰ্মাৰ দ্বিতীয়টো অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় । হাতৰ অস্ত্ৰোপচাৰ কৰা হৈছে আনন্দৰ । সোঁহাতত আঘাতপ্ৰাপ্ত হৈ হাড় ভাগিছিল আনন্দৰ(Anand Sharma Health update) । যোৱা ১ ডিচেম্বৰৰ দিনা হৈছিল প্ৰথমটো অস্ত্ৰোপচাৰ আনন্দৰ । ৰাজহাড়ৰ অস্ত্ৰোপচাৰৰ পিছতে মংগলবাৰে কৰা হয় সোঁহাতৰ অস্ত্ৰোপচাৰ ।
অস্ত্ৰোপচাৰৰ কিছু সময়ৰ পাছতেই পিতৃৰ লগত কথা পাতিলে আনন্দ শৰ্মাই । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ পাছৰ পৰাই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই(DU ragging controversy) । ইয়াৰ পাছতেই ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত কঁকালৰ তিনি ঘন্টা জোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ । ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা(Dibrugarh University ragging case) ।
এতিয়া হাতৰ দ্বিতীয়টো অস্ত্ৰোপচাৰৰ পাছতে আৰু অধিক সুস্থ হ'ব আনন্দ শৰ্মা । ইফালে আৰক্ষীয়ে আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ লগত জড়িত ৭ জনক ইতিমধ্য আটক কৰি জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে দেওবাৰে ভালদৰে চিকিৎসকৰ সৈতে কথাও পাতিছিল আনন্দ শৰ্মাই । অলপ সময়ৰ বাবে বিচনাত বহি চিকিৎসকৰ পৰামৰ্শ মতে খোজ কাঢ়িব পাৰিছিল আনন্দ শৰ্মাই । পাতল আহাৰ আৰু চাহ-বিস্কুট আহাৰ হিচাপে গ্ৰহণ কৰি আছে আনন্দ শৰ্মাই । সকলোৱে আশা কৰিছে কম দিনতে সুস্থ হৈ শ্ৰেণীকোঠালৈ ঘুৰি আহক আনন্দ শৰ্মা ।
লগতে পঢ়ক: National Karate Championship: ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত পদক অৰ্জন ৰহাৰ দুই শিশুৰ