ETV Bharat / state

Bihu World Record: এইবাৰ দিল্লীত ২৫ হাজাৰ ঢুলীয়া-নাচনীক লৈ প্ৰদৰ্শন কৰা হ’ব বিহু; মুখ্যমন্ত্ৰীৰ ঘোষণা

author img

By

Published : Jul 1, 2023, 5:32 PM IST

বিহু বিশ্ব ৰেকৰ্ডত অংশ লোৱা ডিব্ৰুগড়ৰ বিহুৱা-বিহুৱতীক মাননি আৰু প্ৰমাণ পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অনুষ্ঠানত উপস্থিত থাকি কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Bihu World Record
Bihu World Record
এইবাৰ দিল্লীত ২৫ হাজাৰ ঢুলীয়া-নাচনীক লৈ প্ৰদৰ্শন কৰা হ’ব বিহু

ডিব্ৰুগড়, 1 জুলাই: বিহুৰ বিশ্ব অভিলেখ অনুষ্ঠানত অংশ লোৱা বিহুৱা-বিহুৱাতীক পূৰ্বে প্ৰতিশ্ৰুতি দিয়াৰ দৰেই চৰকাৰে আগবঢ়াইছে 25 হাজাৰ টকা আৰু প্ৰমাণ পত্ৰ ৷ ইয়াৰ অংশ হিচাবে মাননি প্ৰদান কৰাৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত 1418 গৰাকী নাচনী আৰু ঢুলীয়াক মাননি প্ৰদান কৰাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে এইবাৰ দিল্লীত 25 হাজাৰ ঢুলীয়া-নাচনীক লৈ বিহু প্ৰদৰ্শন কৰা হ’ব বিহু ৷ বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে 2026 চনৰ ভিতৰত বিহু প্ৰদৰ্শনৰ সপোনৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ ৷

অনাগত দিনত গাঁৱে-ভূঞে বিহু শিকোৱা হ’ব আৰু তাৰ বাবে পুনৰ এইসকল বিহুৱা-বিহুতীক যোগাযোগ কৰা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে 25 হাজাৰ টকাৰ মাননি শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈয়ো তেওঁ আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নৱেম্বৰৰ পৰা এপ্ৰিললৈকে পঞ্চায়ত পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে অনুষ্ঠিত হ'ব ক্ৰীড়া আৰু সাংস্কৃতিক মহাৰণ ৷ অসম চৰকাৰে লাচিত বৰফুকনৰ নামত প্ৰকাশ কৰা গ্ৰন্থখন দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যিক ভাষাত প্ৰকাশৰো সিদ্ধান্ত গ্ৰহণ কৰিছে । শিক্ষানুষ্ঠানৰ পাঠ্যপুথি সমূহতো অন্তৰ্ভূক্ত কৰা হ’ব লাচিত বৰফুকনৰ বিষয় ৷

যোৰহাটত নিৰ্মাণ হৈ থকা লাচিতৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তিটো উদ্বোধন কৰা হ'ব অহা বৰ্ষত। ইফালে ২ অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যত ১ কোটি বৃক্ষৰোপণৰ কথা ঘোষণা । তিনি ঘন্টাত ১ কোটি বাণিজ্যিক গছপুলি ৰোপণেৰে আন এক বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Bihu in Guinness world record:লখিমপুৰৰ ছয় শতাধিক অংশগ্ৰহণকাৰীয়ে পালে মাননি আৰু মানপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.