ETV Bharat / state

মাদ্ৰাছা বন্ধ কৰাতো বিজেপি চৰকাৰৰ চক্ৰান্তঃ বিধায়ক ৱাজেদ আলী চৌধুৰী

author img

By

Published : Jan 2, 2021, 3:02 PM IST

Updated : Jan 2, 2021, 4:11 PM IST

সত্যৰঞ্জন বৰাক 'পাগল' আখ্যা দিলে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে । মাদ্ৰাছা বন্ধ কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিলে বিধায়কগৰাকীয়ে । তেওঁৰ মতে সত্যৰঞ্জন বৰাৰ জৰিয়তে বিজেপিয়ে ৰাজ্যত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ অপচেষ্টা কৰিছে । দক্ষিণ শালমাৰাৰ হাজিৰহাটত অনুষ্ঠিত কংগ্ৰেছৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৱাজেদ আলী চৌধুৰীয়ে ।

মাদ্ৰাছা বন্ধ কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ ৱাজেদ আলী চৌধুৰীৰ

ধুবুৰী, ২ জানুৱাৰী: ৰাজ্যত মাদ্ৰাছা শিক্ষাৰ অৱসান ঘটোৱাৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে । তেওঁ কয় যে, মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তই মুছলমান সম্প্ৰদায়ৰ লোকৰ আবেগত আঘাত হানিছে । মুছলমান সম্প্ৰদায়ৰ লোকক নামাজ পঢ়াত বাধা দিলে যি অনুভৱ হ'ব, সেই একেই অনুভৱ মাদ্ৰাছা বন্ধ কৰিলেও হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে ।

ৰাজ্য চৰকাৰৰে আলোচনা কৰাৰ পিছতো মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত চৰকাৰে সলনি নকৰিলে বুলি প্ৰকাশ কৰিছে ৱাজেদ আলী চৌধুৰীয়ে । লগতে তেওঁ কয় যে, সত্যৰঞ্জন বৰাৰ জৰিয়তে বিজেপিয়ে ৰাজ্যত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত সংঘৰ্ষ সৃষ্টি কৰাৰ অপচেষ্টা কৰিছে । তেওঁ সত্যৰঞ্জন বৰাক 'পাগল' আখ্যা দি বৰাৰ কথা গুৰুত্ব নিদিয়ে বুলিও মন্তব্য কৰে । দক্ষিণ শালমাৰাৰ হাজিৰহাটত অনুষ্ঠিত কংগ্ৰেছৰ সাধাৰণ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৱাজেদ আলী চৌধুৰীয়ে ।

দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হাজিৰহাট মণ্ডল কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ জেষ্ঠ কংগ্ৰেছ কৰ্মী আমিনুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে দুই শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক:নিজে উপবাসে থাকি পথৰ কুকুৰক খাদ্য যোগান ধৰা এগৰাকী মহিলা

Last Updated : Jan 2, 2021, 4:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.