ETV Bharat / state

বিলাসীপাৰাত বিদ্যালয়ত অগ্নিসংযোগ অচিনাক্ত দুৰ্বৃত্তৰ

author img

By

Published : Jun 1, 2021, 11:04 PM IST

মঙলবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে এখন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত অগ্নি সংযোগ কৰে ৷ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৪৪৬ নং পশ্চিম উদমাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷

বিলাসীপাৰাত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে বিদ্যালয়ত

বিলাসীপাৰা,1 জুন: বিলাসীপাৰাত সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা ৷ মঙলবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে এখন প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত অগ্নি সংযোগ কৰে ৷ জানিব পৰা মতে, বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৪৪৬ নং পশ্চিম উদমাৰী প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে ৷

মন কৰিবলগীয়া যে, ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় ৰাইজ উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ যাৰ ফলত বিদ্যালয়খনৰ অন্য শ্ৰেণী কোঠাবোৰ জুইত জাহ যোৱাৰ পৰা কথমপি ৰক্ষা পৰে ৷ একেদৰে দুৰ্বৃত্তৰ দলটোৱে বিদ্যালয়ৰ অন্যান্য আচবাবৰ লগতে প্ৰয়োজনীয় পত্ৰ পেলাই লণ্ড-ভণ্ড কৰে ৷

আনহাতে ঘটনাতো সংঘটিত হোৱাৰ পাচতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক উপস্থিত হৈ লক্ষীগঞ্জ আৰক্ষীক অৱগত কৰে ৷ তাৰ পাচতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বনিয়াৰ হাতলৈ যাব অসমৰ দুয়োটা কাগজকল : বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.