বিলাসীপাৰা, 5 মে' : পশ্চিম বংগত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত তুমুল সংঘাত ৷ বিজেপি কৰ্মীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ বিৰুদ্ধে ৷ এই ঘটনাৰ প্ৰতিবাদ জনায় তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বুধবাৰে বিলাসীপাৰাত বিজেপি নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ তৃণমূল কংগ্ৰেছ মুৰ্দাবাদ, মমতা বেনাৰ্জী মুৰ্দাবাদ, আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী নেতা কৰ্মী সকলে ৷ বিলাসীপাৰাস্থিত বিজেপিৰ ধুবুৰী পূব জিলা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত জিলা বিজেপি আৰু বিলাসীপাৰা নগৰ মণ্ডল বিজেপিৰ উদ্যোগত সাব্যস্ত কৰা হয় দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷
উল্লেখ্য যে, ভোট গণনাৰ পিচতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বিজেপি কৰ্মকৰ্তাৰ ওপৰত তৃণমূল কংগ্ৰেছী সকলে যি অত্যাচাৰ কৰিবলৈ লৈছে তাক বন্ধ কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ তৃণমূল কংগ্ৰেছৰ লোকে বিজেপি কৰ্মকৰ্তা সকলক যিদৰে হত্যা, মাৰপিট কৰি গৃহচ্যুত কৰি তুলিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে তেনে গুণ্ডাগিৰি বন্ধ কৰাৰ দাবী তুলিছে বিজেপি কৰ্মীসকলে ৷ অন্যথা গণতান্ত্ৰিক পদ্ধতিৰে পৰিস্থিতি আৰু অধিক উত্তাল কৰি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে বিজেপিৰ নেতা কৰ্মী সকলে ৷
লগতে পঢ়ক : লাহৰীঘাটবাসীৰ কাষত নৱ নিৰ্বাচিত বিধায়ক ডাঃ আচিফ নাজাৰ