ETV Bharat / state

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 29, 2019, 9:49 PM IST

শুকুৰবাৰে ধুবুৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ আজমলৰ দহ বছৰীয়া জৰাফুকা ৰাজনীতিৰ পৰা পৰিত্ৰান আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যু লৈ ৰাইজৰ মাজলৈ আহিছে বুলি মন্তব্য কৰে তেওঁ ৷ ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত চৌধুৰীয়ে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰে ৷

NURUL ISLAM CHAUDHURY

ধুবুৰী, 29 মাৰ্চ: শুকুৰবাৰে ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীয়ে ৷ ইয়াৰ পূৰ্বে প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সমৱেত সমৰ্থকসকলৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ স্থানীয় নেতৃত্বসহ এক চমু ভাষণো প্ৰদান কৰে চৌধুৰীয়ে । আজমলৰ দহ বছৰীয়া জৰাফুকা ৰাজনীতিৰ পৰা পৰিত্ৰাণআৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইছ্যু লৈ ৰাইজৰ মাজলৈ আহিছে বুলি মন্তব্য কৰে তেওঁ ৷

NURUL ISLAM CHAUDHURY

মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত চৌধুৰীয়ে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ কৰে ৷ তেওঁ মন্তব্য কৰে যে, বিগত দিনত নিৰ্বাচিত সাংসদসকলে ধুবুৰী সমষ্টিৰ বাবে কোনো কাম কৰা নাই ৷ সেয়েহে তেওঁ নিৰ্বাচিত হ'লে সমষ্টিটোৰ গৰাখহনীয়া, বানপানী, বাট - পথৰ দূৰৱস্থা আদিকে ধৰি বিভিন্ন সামাজিক বিষয়বোৰ সৱল ভাৱে সংসদত দাঙি ধৰিব বুলি জনায় ৷ তেখেতে আজমলক সমালোচনা কৰি কয় যে, তেওঁ জৰা - ফুকাৰ ৰাজনীতি শেষ কৰা উচিত ৷

SLUG- A_DHB_808_809_29MARCH_TMC_CANDIDATE_NOMINATION_VIS+BYTE_SHAHANUR
Date:- 29/03/19
( Files send through MOJO )

   Anchor:- তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি দ্বিতীয় দিন। আজি ধুবুৰীত তৃণমূল কংগ্ৰেছৰ মনোনয়ন পত্ৰ দাখিল৷ আজমলৰ দহ বছৰীয়া জৰাফুকাৰ ৰাজনীতিৰ পৰা পৰিত্ৰান আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ইচ্ছু লৈ ৰাইজৰ মাজলৈ যাব তৃনমূল কংগ্ৰেছ।

     vo:- বিগত দিনত নিৰ্বাচিত সাংসদ সকলে ধুবুৰী সমষ্টিৰ বাবে কোনো কাম কৰা নাই৷ মই নিৰ্বাচিত হ'লে সমষ্টিটোৰ গৰাখহনীয়া, বানপানী, বাট-পথৰ দূৰৱস্থা আদিকে ধৰি বিভিন্ন সামাজিক বিষয়বোৰ সৱল ভাৱে সংসদত ডাঙি ধৰিম৷" এই ভাষ্য ধুবুৰী লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ৷ আজি ধুবুৰীত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে সংৱাদ মাধ্যমৰ সন্মুখত এইদৰে কয়৷ তেখেতৰ আজমলক কটাক্ষ - "জৰা-ফুকাৰ ৰাজনীতি এতিয়া শেষ৷ মানুহে এতিয়া গম পাইছে৷ এতিয়া তেখেতে নিজে নিজকে জাৰিব লাগে৷ তেওঁ নিজে প্ৰায় ১৫টা টেৱলেট খায়৷ তেখেতে কি জাৰিব৷" আজি দুপৰীয়া প্ৰায় আঢ়ৈটা মান বজাত সমৰ্থক সহ সমদল কৰি ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে সমীপৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত সমৱেত হোৱা সমৰ্থকসকলৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ স্থানীয় নেতৃত্বসহ এক চমু ভাষণো প্ৰদান কৰে তৃণমূল কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ ওৰফে এন আই চৌধুৰীয়ে। তাৰ পিছত সমদল কৰি গৈ জিলা উপায়ুক্তৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী এন আই চৌধুৰীয়ে।

    Byte:- নুৰুল ইছলাম চৌধুৰী।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.