ধুবুৰী,৮ অক্টোবৰ: ধুবুৰী আৰক্ষীৰ জালত দুই গভাইত চোৰ । দুই গভাইত চোৰৰ পৰা জব্দ কৰা আ-অলংকাৰেৰে ভৰি পৰিছে ধুবুৰী আৰক্ষী থানা । চোৰদুটাৰ পৰা আৰক্ষীয়ে ৫ লক্ষাধিক টকাৰ সোণ,ৰূপ আৰু হীৰাৰ অলংকাৰৰ লগতে জব্দ কৰে বহু আপত্তিজনক সামগ্ৰী(Dhubri police seize a huge amount of jewellery) । বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।
ধুবুৰী আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই গভাইত চোৰ ক্ৰমে অভিজিত পয়েৰী ওৰফে বুবুল আৰু ৰাজেশ প্ৰসাদ ওৰফে মনাই (Thief arrested by Dhubri Police)। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি আৰু ধুবুৰী চহৰত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস চলোৱাৰ এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চলাইছিল অভিযান(Dhubri police raid against thief) । আৰক্ষীয়ে চোৰ দুটাৰ ঘৰত চলোৱা অভিযানত জব্দ কৰে পাঁচ লক্ষাধিক টকাৰ সোণ,ৰূপ আৰু হীৰাৰ অলংকাৰ আৰু বহু আপত্তিজনক সামগ্ৰী(Dhubri police arrested two thieves) ।
সম্প্ৰতি দুয়োৰে পৰা অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইপিনে এই গভাইত চোৰ দুজনৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে এগৰাকী অধিবক্তাৰ ঘৰত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতেই অধিবক্তা গৰাকীয়ে ধুবুৰী সদৰ থানাত দাখিল কৰিছিল এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই দুই গভাইত চোৰক ।
লগতে পঢ়ক: নদী গৱেষণা প্ৰতিষ্ঠানৰ ভূমিত স্থাপন কৰা হ’ল বিজেপিৰ কাৰ্যালয় !