বিলাসীপাৰা,15 অক্টোবৰঃ বিলাসীপাৰাত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা ৷ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত টিপকাই চৰ প্ৰি চিনিয়ৰ মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ বিৰূদ্ধে উত্থাপন হৈছে ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফৰিজাল মামুদে বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীক অশ্লীল ইংগিত দিয়া অভিযোগ উত্থাপন কৰিছে অভিভাৱকে ৷ উল্লেখ্য যে,বিগত কেইবা মাহ ধৰি মাদ্ৰাছা খনৰ তিনি গৰাকী ছাত্ৰীক অশ্লীল ইংগিত দিয়াক লৈ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ আহিছে ৷
আনহাতে,ঘটনাৰ খবৰ পাই সাংবাদিকৰ এটা দলে আকস্মিকভাৱে মাদ্ৰাছা খনত উপস্থিত হোৱাত বিদ্যালয়ৰ পৰা পলায়ন কৰে অভিযুক্ত শিক্ষক ফৰিজাল মামুদে ৷ মাদ্ৰাছাখনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফৰিজাল মামুদক বহিষ্কাৰ কৰি এনামুল হকক দায়িত্ব দিয়াৰ লগতে বিদ্যালয়খনত শিক্ষাৰ পৰিৱেশ ঘূৰাই আনিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনায় অভিভাৱক তথা স্থানীয় ৰাইজে ৷
অনাগত দিনসমূহত বিভাগীয় কতৃপক্ষই এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব ৰাইজে অপেক্ষা কৰিব ৷