ETV Bharat / state

এজন ভুৱা বন কৰ্মীৰ ছত্ৰছায়াতেই ধুবুৰীত চলিছে ছিণ্ডিকেট ! - ছিণ্ডিকেট

সম্পূৰ্ণ বন কৰ্মীৰ দৰে খাকী পোছাকধাৰী মিনহাজ আহমেদ নামৰ এগৰাকী লোক ৷ খাকী পোছাক পৰিহিত হ'লেও মিনহাজ আহমেদ নহয় কোনো বন বিষয়া ৷ অভিযুক্ত বন বিষয়া বিশ্বজিৎ ৰায়ৰ তৎপৰতাত তেওঁ ৰান্ধনি হিচাপে থকা মিনহাজ ছিণ্ডিকেটৰ দৰদাম আৰু ধন সংগ্ৰহৰ দায়িত্বত আছিল বুলি অভিযোগ উত্থাপন হৈছে ৷

ভুৱা বন কৰ্মী
ভুৱা বন কৰ্মী
author img

By

Published : Jul 19, 2020, 12:17 PM IST

ধুবুৰী, 19 জুলাই: ধুবুৰীত বন সংমণ্ডল বিষয়া হিচাপে যোগদান কৰাৰ পাচৰে পৰাই বন বিষয়া বিশ্বজিৎ ৰায়ৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে ছিণ্ডিকেটৰ অভিযোগ ৷ যি ছিণ্ডিকেটৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই বন বিষয়া বিশ্বজিৎ ৰায়ৰ টাৰ্গেট হৈ পৰিছিল সাংবাদিক ৰাজীৱ শৰ্মা ৷ যাৰ বাবে সাংবাদিক গৰাকীৰ বিৰুদ্ধে অভিযুক্ত বন বিষয়া গৰাকীয়ে ৰুজু কৰে এক গোচৰ ৷ কিন্তু শেহতীয়াকৈ জানিব পৰা মতে, এগৰাকী ভুৱা বন কৰ্মীয়ে কঢ়িয়াই ফুৰিছে বন বিষয়া বিশ্বজিৎ ৰায়ৰ বহু কু কীৰ্তিৰ জ্বলন্ত উদাহৰণ ৷

সম্পূৰ্ণ বন কৰ্মীৰ দৰে খাকী পোছাকধাৰী মিনহাজ আহমেদ নামৰ এগৰাকী লোক ৷ কিন্তু খাকী পোছাক পৰিহিত হ'লেও মিনহাজ আহমেদ কোনো বন বিষয়া নহয় বুলি অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা অনুসৰি, বন বিষয়াৰ সাজত থকা মিনহাজ এগৰাকী ৰান্ধনিহে ৷ তাৰোপৰি কোনো চৰকাৰী ৰান্ধনি নহয় তেওঁ ৷ তেওঁ হ'ল ধুবুৰীৰ অভিযুক্ত বন বিষয়া বিশ্বজিৎ ৰায়ৰ ব্যক্তিগত ৰান্ধনি ৷ কিন্তু মিনহাজে ক'ত, কিয়, কেনেকৈ এই খাকী পোছাক পালে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে একাংশ লোকৰ মাজত ৷

দৰাচলতে তদানীন্তন জিলা বন বিষয়া আব্দুছ ছবুৰ তালুকদাৰৰ কাৰ্যকালত ব্যক্তিগত ৰান্ধনি হিচাপে নিয়োজিত আছিল মিনহাজ ৷ বন বিষয়া তালুকদাৰে অৱসৰ গ্ৰহণ কৰাৰ পাচতেই ধুবুৰী বন বিষয়া হিচাপে যোগদান কৰা বিশ্বজিৎ ৰায়ে ৰান্ধনি মিনহাজক পিন্ধালে খাকী পোচাক ৷ তাৰ পাচৰ পৰাই কেৱল খাকী পোচাক পিন্ধি ৰান্ধনিৰ কাম কৰাই নহয়, ছিণ্ডিকেটৰ দৰদাম আৰু ধন সংগ্ৰহৰ দায়িত্বও মিনহাজক অৰ্পণ কৰে অভিযুক্ত বন বিষয়া গৰাকীয়ে ৷ এই বিষয়ত পূৰ্বতে প্ৰকাশিত এক বাতৰিত উল্লেখ কৰিছিল এগৰাকী কৃষক নেতাৰ লগতে স্থানীয় লোকে ৷ ইয়াৰ লগে লগে সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাচতেই সৰৱ হৈছে মুখ্যমন্ত্ৰী ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশানুসৰি ধুবুৰীৰ পৰা শাস্তিমূলকভাৱে বদলি কৰা হ'ল আৰক্ষী অধীক্ষক আৰু জিলা বন বিষয়াক ৷ কিন্তু বৰ্তমানেও আৰক্ষীৰ আওতালৈ অহা নাই ভুৱা বন কৰ্মী তথা ৰান্ধনি মিনহাজ ৷

লগতে পঢ়ক: ধুবুৰীত কাৰ ছত্ৰছায়াত চলিছে চিণ্ডিকেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.