ETV Bharat / state

বদৰুদ্দিন আজমলক ক্ষমা প্ৰাৰ্থনা শুকুৰ আলীৰ - assam news

2019 চনৰ চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে ধুবুৰীস্থিত দীপাঞ্জলি ৰেষ্টুৰেণ্টত ।  কিন্তু সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে শুকুৰ আলী লোৱা নাছিল ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ অনুমতি । ফলত ক্ষুব্ধ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই জবাবদিহি কৰিলে শুকুৰ আলীক ৷

বদৰুদ্দিন আজমলক ক্ষমা প্ৰাৰ্থনা শুকুৰ আলীৰ
author img

By

Published : Apr 26, 2019, 9:35 PM IST

ধুবুৰী, 26 এপ্ৰিলঃ ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীৰ সংবাদমেলত অথন্তৰ ৷ বিনা অনুমতিত ৰেষ্টুৰেণ্টত সংবাদমেল অনুষ্ঠিত কৰি বিপদত শুকুৰ আলী ৷ সংবাদমেলত আজমলৰ পৰা ক্ষমা বিচাৰিলে শুকুৰ আলীয়ে । উল্লেখ্য যে, 2019 চনৰ চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰে ধুবুৰীস্থিত দীপাঞ্জলি ৰেষ্টুৰেণ্টত । কিন্তু সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে শুকুৰ আলী লোৱা নাছিল ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ অনুমতি । ফলত ক্ষুব্ধ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই জবাবদিহি কৰিলে শুকুৰ আলীক । যাৰ বাবে এটা সময়ত বিপাঙত পৰা শুকুৰ আলী ৰেষ্টুৰেণ্টৰ পৰা উঠি যাবলৈ বাধ্য হয় ।

বদৰুদ্দিন আজমলক ক্ষমা প্ৰাৰ্থনা শুকুৰ আলীৰ

আৰু পঢ়ক: আপোনাৰ সহায়ে হাঁহি আনি দিব পূজাৰ জীৱনলৈ

আনহাতে, সংবাদমেলত সাংসদ বদৰুদ্দিন আজমলক ক্ষমা খুজিলে প্ৰাৰ্থী গৰাকীয়ে ৷ দৰাচলতে, নিৰ্বাচনৰ সময়ত নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে বিভিন্ন সভা সমিতিত বদৰুদ্দিন আজমলক সমালোচনা কৰিছিল । আনকি লাফিকুল হত্যাকাণ্ডৰ সৈতে আজমল জড়িত থকা বুলি এক চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছিল শুকুৰ আলীয়ে । কিন্তু এতিয়া নিজৰ ভুল অনুভৱ কৰিছে শুকুৰ আলীয়ে । নিৰ্বাচনৰ সময়ত সঁচা মিছা ভাষণ প্ৰদান কৰি ৰাইজৰ মন জয় কৰা ৰাজনৈতিক নেতাৰ বাবে নতুন কথা নহয় । যাৰ বাবে ৰাজনৈতিক জীৱনত ভৰি দিয়েই সঁচা মিছা ভাষণ প্ৰদান কৰি ৰাইজৰ ভোট লাভৰ প্ৰচেষ্টা চলোৱা শুকুৰ আলী এতিয়া অনুতপ্ত । লাফিকুলৰ হত্যাকাণ্ডৰ সৈতে আজমলক জড়িত কৰাটো ভুল হৈছে শুকুৰ আলীৰ । সেয়ে এক সংবাদমেল অনুষ্ঠিত কৰি নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে আজমলৰ লগতে এ আই ইউ ডি এফৰ সকলো কৰ্মীৰ পৰা ক্ষমা বিচাৰিছে শুকুৰ আলী ।

Intro: শুকুৰ আলীৰ সংবাদমেলত অথন্তৰ। বিনা অনুমতিত ৰেষ্টুৰেণ্টত সংবাদমেল অনুষ্ঠিত কৰি বিপদত শুকুৰ আলী। সংবাদমেলত আজমলৰ পৰা ক্ষমা বিচাৰিলে শুকুৰ আলীয়ে।

Body: হয়, এইবেলি চাৰি নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে আজি এক সংবাদমেলৰ আয়োজন কৰে ধুবুৰীৰ দিপাঞ্জলি ৰেষ্টুৰেণ্টত। কিন্তু সংবাদমেল অনুষ্ঠিত কৰাৰ বাবে শুকুৰ আলী লোৱা নাছিল ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ অনুমতি। ফলত ক্ষুব্ধ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই জবাবদিহি কৰিলে শুকুৰ আলীক। এটা সময়ত বিপাঙত পৰা শুকুৰ আলী ৰেষ্টুৰেণ্টৰ পৰা উঠি যাবলৈ বাধ্য হল।
দৰাচলতে, নিৰ্বাচনৰ সময়ত নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে বিভিন্ন সভা সমিতিত বদৰুদ্দিন আজমলক সমালোচনা কৰিছিল। আনকি লাফিকুল হত্যাকাণ্ডৰ সৈতে আজমল জড়িত থকা বুলি এক চাঞ্চল্যকৰ মন্তব্য প্ৰদান কৰিছিল। কিন্তু এতিয়া নিৰ্বাচন শেষ হল। এতিয়া নিজৰ ভুল অনুভৱ কৰিছে শুকুৰ আলীয়ে। নিৰ্বাচনৰ সময়ত সঁচামিছা ভাষণ প্ৰদান কৰি ৰাইজৰ মন জয় কৰা ৰাজনৈতিক নেতাৰ বাবে নতুন কথা নহয়। যাৰ বাবে ৰাজনৈতিক জীৱনত ভৰি দিয়েই সঁচামিছা ভাষণ প্ৰদান কৰি ৰাইজৰ ভোট লাভৰ প্ৰচেষ্টা চলোৱা শুকুৰ আলী এতিয়া অনুতপ্ত। লাফিকুলৰ হত্যাকাণ্ডৰ সৈতে আজমলক জড়িত কৰাটো ভুল হৈছে শুকুৰ আলীৰ। সেয়ে এক সংবাদমেল অনুষ্ঠিত কৰি নিজৰ ভুল স্বীকাৰ কৰাৰ বিপৰীতে আজমলৰ লগতে এ আই ইউ ডি এফৰ সকলো কৰ্মীৰ পৰা ক্ষমা বিচাৰিছে শুকুৰ আলী। শুকুৰ আলীয়ে কলে সেয়া মোৰ শ্লিপ অৱ টাং আছিল। এতিয়া আজমলে শুকুৰ আলীক ক্ষমা কৰিব নে নাই সেয়া আজমলৰ সিদ্ধান্ত। যদিওঁ আজমলে গোচৰ তৰিলে শুকুৰ আলীয়ে গ্ৰেপ্তাৰ হোৱাৰ বাবে প্ৰস্তুত বুলিও কলে শুকুৰ আলী।

অৱশ্যে শুকুৰ আলী এ আই ইউ ডি এফৰ বাবে কোনো ফেক্টৰ নহয় বুলি কোৱাৰ বিপৰীতে শুকুৰ আলীৰ বিৰুদ্ধে কোনো গোচৰ দিয়াৰ সিদ্ধান্ত এ আই ইউ ডি এফে লোৱা নাই বুলি স্পষ্ট কৰাৰ বিপৰীতে শুকুৰ আলীৰ এনে ৰাজনৈতিক মন্তব্যৰ আঁৰত আন কোনো ৰাজনৈতিক শক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ মুখপাত্ৰ অধিবক্তা মাছুদ আখতাৰ জামানে।

ইপিনে নিৰ্বাচনৰ পূৰ্বে দহলাখ ভোটত জয়ী হব বুলি দাবী কৰি অহা শুকুৰ আলীয়ে এতিয়াও জয়ী হব বুলি দাবী কৰিছে। অৱশ্যে কিমান ভোটৰ ব্যৱধানত জয়ী হব সেই কথা স্পষ্ট নকৰিলেও আজমলৰ সৈতে মূল প্ৰতিদ্বন্দিতা হব বুলি দাবী কৰে।

Conclusion: উল্লেখযোগ্য যে, শুকুৰ আলীয়ে সংবাদমেলত ক্ষমা বিচাৰিলেও বদৰুদ্দিন আজমলে এতিয়া কি প্ৰত্যুত্তৰ দিয়ে সেয়া হব লক্ষণীয় বিষয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.