ধুবুৰী, 27 জুন: আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা হ’ব ৷ কিন্তু ফলাফল ঘোষণাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছে উচ্চতৰ মাধ্যমিকৰ এগৰাকী পৰীক্ষাৰ্থী (Student went missing in Brahmaputra before HS final results)৷ ফলাফলৰ আগমুহূৰ্তত ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । লগৰ চাৰিজন সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ ধুবুৰীৰ লুইতৰ বুকুত সন্ধানহীন হৈছে ছাত্ৰজন । ছাত্ৰজনৰ নাম অভিজিত সূত্ৰধৰ বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, সমনীয়া পাঁচবন্ধুৰ সৈতে দেওবাৰে নিশা আনুমানিক আঠ বজাত ব্ৰহ্মপুত্ৰৰ ট্ৰেজাৰি ঘাটলৈ ফুৰিবলৈ গৈছিল অভিজিত সূত্ৰধৰ । লগৰ সংগী কেইগৰাকীৰ ভাষ্য মতে, পাৰঘাটত বান্ধি ৰখা এখন ফেৰীত বহি কথা পাতি থাকোঁতে হঠাৎ পিছল খাই পানীত পৰি যায় অভিজিত। ইয়াৰ লগে লগে সন্ধানহীন হৈ পৰে অভিজিত। ঘটনাৰ খবৰ পোৱাৰ পাছৰে পৰা এছ ডি আৰ এফ আৰু বি এছ এফৰ উদ্ধাৰকাৰী দলে দলে উদ্ধাৰ অভিযান চলাইছে যদিওঁ বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলটোৱে ।
ইফালে আৰক্ষীয়ে অভিজিতৰ চাৰি বন্ধুক ঘটনা সংক্ৰান্তত সোধাপোচা কৰি ঘৰলৈ যাবলৈ দিয়ে নিজ নিজ ঘৰলৈ ।
উল্লেখ্য যে, অভিজিৎ সূত্ৰধৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী আছিল । যোৱা দুদিন ধৰি একমাত্ৰ পুত্ৰ সন্তান এনেদৰে নিখোজ হৈ পৰাৰ পাছত পাৰঘাটতেই শোকত ভাগি পৰিছে অভিজিতৰ অকলশৰীয়া মাতৃ।
আনহাতে ছাত্ৰজনৰ সন্ধানত উদ্ধাৰ অভিযান চলি থকাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিওঁ এই লৈ কোনো তথ্য সদৰি কৰা নাই । কিন্তু নিশা আঠ বজাত সমনীয়াৰে কিয় নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিল, কিদৰে অভিজিত পানীত পিছল খাই পৰিব লগা হ’ল আদি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে স্থানীয় ৰাইজৰ মাজত ।
লগতে পঢ়ক: হোজাইৰ নাও দুৰ্ঘটনাত সন্ধানহীন তিনি শিশুৰ মৃতদেহ উদ্ধাৰ : এতিয়াও সন্ধানহীন এটি শিশু