পশ্চিম বিলাসীপাৰা,৭ এপ্ৰিল: বুধবাৰে বিলাসীপাৰাৰ বেলতলী হাকামাত সংঘটিত হ'ল শোকাৱহ ঘটনা । পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন ছাত্ৰৰ । জানিব পৰা মতে, আৰিফুল ইছলাম নামৰ ছাত্ৰজনে পুৱা পুখুৰীত গা ধুবলৈ গৈছিল । দুৰ্ভাগ্যবশতঃ কৰুণ মৃত্যুক আঁকোৱালি লয় ছাত্ৰজনে ।
বেলতলী জ্ঞানালয় জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত আৰিফুলৰ ঘৰ হাকামা ৫ম খণ্ড গাঁৱত । এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে এছডিআৰএফ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । অভিযানকাৰী দলটোৱে ছাত্ৰগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷
পিছত বিলাসীপাৰা আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ছাত্ৰজনৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই বেলতলী আৰু হাকামা অঞ্চলত শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত তেজপুৰৰ যুৱকৰ