ETV Bharat / state

ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

দীৰ্ঘ দিনৰে পৰা চলি অহা গৰুৰ চোৰাং কাৰবাৰ আৰু চোৰাং গৰু বেপাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ছিণ্ডিকেট বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ।

ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ
author img

By

Published : Jun 18, 2019, 1:08 PM IST

ধুবুৰী , ১৮ জুন : মুখ্যমন্ত্ৰীৰ সকিয়ানীৰ পাচতো চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ধুবুৰী আৰক্ষী । ধুবুৰীৰ ভাৰত বাংলা সীমান্তইদি গৰুৰ চোৰাং সৰবৰাহৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠাৰ তথ্য পোহৰলৈ অহাৰ পাচতে , মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ছিণ্ডিকেট বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে । সেই নিৰ্দেশ মৰ্মে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই ১৫ টা চোৰাং গৰু জব্দ কৰে ।

ETV BHARAT ASSAM
ধুবুৰীত আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ

মঙলবাৰে নিশা কোকৰাঝাৰ আৰু ধুবুৰী আৰক্ষীয়ে ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানত অভিযুক্ত গৰুৰ চোৰাং বেপাৰী আদম , এ কে মণ্ডল, জাহাঙ্গীৰ আলম আৰু চাইফুল ইছলামক গ্ৰেপ্তাৰৰ বাবে এক যুটীয়া অভিযান চলায় । কিন্তু আৰক্ষীয়ে এই চাৰি অভিযুক্তক আটক কৰিবলৈ সক্ষম নহয় । এই চাৰি অভিযুক্তৰ বিৰুদ্ধে কচুৱা থানাত এক গোচৰ ৰুজু কৰা হৈছিল । ইপিনে ধুবুৰী আৰক্ষীৰ আন এটা দলে নিশা গৌৰীপুৰ অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই ১৫টা চোৰাং গৰু জব্দ কৰে । উল্লেখ্য যে , পশ্চিম বংগৰ পৰা এখন বিশেষ ভেনত গৰু কেইটা ৰচীৰে বান্ধি লৈ ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানলৈ কঢ়িয়াই নিয়া হয় । গৰু কেইটা কঢ়িয়াই নিয়া সময়তে আৰক্ষীয়ে গৰু কেইটা জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰে । ধৃত যুৱকদ্বয়ৰ নাম ৰাজু মিঞা আৰু ইনামূল হুছেইন । দুয়োকে গৌৰীপুৰ আৰক্ষী থানাত জেৰা চলোৱা হৈছে ।

Intro: মুখ্যমন্ত্ৰীৰ সকীয়ানীৰ পিছত ছিণ্ডিকেটৰ হিচাপ নিকাচ বন্ধ কৰি চোৰাং গৰুৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। আৰক্ষীৰ অভিযানত ১৫ টা চোৰাং গৰু জব্দ।

Body: ধুবুৰীৰ ভাৰত বাংলা সীমান্তইদি অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ। দীৰ্ঘ দিনৰে পৰা চলি অহা গৰুৰ চোৰাং কাৰবাৰ চলাই অহা চোৰাং গৰুৰ বেপাৰীৰ সৈতে বৃহৎ ছিণ্ডিকেট গঢ়ি তোলাৰ পিছত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ছিণ্ডিকেট বন্ধ কৰিবলৈ ধমক দিয়াৰ পিছতেই তৰা নৰা ছিঙি দৌৰিছে আৰক্ষী। যোৱা নিশা ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানত কোকৰাঝাৰ আৰু ধুবুৰী আৰক্ষীয়ে হঠাৎ চাৰিজনকৈ চোৰাং গৰুৰ বেপাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে যদিওঁ সফল হব নোৱাৰিলে। ইপিনে ধুবুৰী আৰক্ষীয়ে নিশা গৌৰীপুৰ অঞ্চলত অভিযান চলাই ভিন্ন স্থানৰ পৰা পোন্ধৰটাকৈ চোৰাং গৰু জব্দ কৰে। উল্লেখযোগ্য যে, পশ্চিম বংগৰ পৰা এই বিশেষ টেটটেৰী ভেনত অতি কষ্টেৰে গৰু সমূহ ৰচীৰে বান্ধি লৈ কঢ়িয়াই নিয়ে ধুবুৰী আৰু গৌৰীপুৰৰ ভিন্ন স্থানলৈ। যোৱা নাই তেনেদৰে কঢ়িয়াই অনাৰ সময়তে এই গৰু সমূহ জব্দ কৰাৰ বিপৰীতে বিশেষ গাড়ী খনৰ লগতে দুজনকৈ যুৱকক আটক কৰে আৰক্ষীয়ে। ধৃত ৰাজু মিঞা আৰু ইনামূল হুছেইন নামৰ দুই যুৱকক জেৰা চলোৱা হৈছে গৌৰীপুৰ আৰক্ষী থানাত।

Conclusion: লক্ষণীয় বিষয় যে, ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈ থকা চোৰাং গৰু জব্দ কৰিব নোৱাৰিলেও এই কেইটামান গৰু জব্দ কৰি বাঃ বাঃ লব বিচাৰিছে ধুবুৰী আৰক্ষীয়ে। প্ৰশ্ন হয়, গৰুৰ চোৰাং বেপাৰী গৌৰীপুৰৰ আদম, এ কে মণ্ডল, জাহাঙ্গীৰ আলম আৰু চাইফুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হব নে ?

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.