ETV Bharat / state

সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰ : এক সম্ভাৱনা - Sonahat international trade centre

২০১৪ চনত আৰম্ভ হোৱা বাণিজ্য কেন্দ্ৰটোৰ জৰিয়তে প্ৰতিদিনে বাংলাদেশলৈ ৰপ্তানি কৰা হয় বৃহৎ পৰিমাণৰ শিল ৷ যাৰ বিনিময়ত ভাৰত চৰকাৰে প্ৰতিদিনে লাভ কৰে বৃহৎ পৰিমাণৰ ৰাজহ ৷ সম্প্ৰতি ভাৰতৰ পৰা প্ৰতিদিনে প্ৰায় 2,500 হাজাৰ টন শিল ৰপ্তানি কৰা হয় বাংলাদেশলৈ ৷ অৰ্থাৎ দৈনিক প্ৰায় 100খন ট্ৰাকে বাংলাদেশলৈ কঢ়িয়ায় নিয়ে শিল ।

সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰ
সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰ
author img

By

Published : Feb 7, 2020, 4:33 PM IST

Updated : Feb 9, 2020, 4:24 PM IST

ধুবুৰী,6 ফেব্ৰুৱাৰীঃ ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈছে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ । ২০১৪ চনত আৰম্ভ হোৱা বাণিজ্য কেন্দ্ৰটোৰ জৰিয়তে প্ৰতিদিনে বাংলাদেশলৈ ৰপ্তানি কৰা হয় বৃহৎ পৰিমাণৰ শিল ৷ যাৰ বিনিময়ত ভাৰত চৰকাৰে প্ৰতিদিনে লাভ কৰে বৃহৎ পৰিমাণৰ ৰাজহ ৷

উল্লেখ্য যে,২০১৪ চনত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী গোলকগঞ্জৰ সোনাহাটত শুভাৰম্ভ কৰা হৈছিল সোণাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ । পৰৱৰ্তী সময়ত এই বাণিজ্য কেন্দ্ৰৰ যোগেদি বাংলাদেশলৈ শিল আৰু কয়লা ৰপ্তানি কৰা হৈছিল ৷ সম্প্ৰতি ভাৰতৰ পৰা প্ৰতিদিনে প্ৰায় 2,500 হাজাৰ টন শিল ৰপ্তানি কৰা হয় বাংলাদেশলৈ ৷ অৰ্থাৎ দৈনিক প্ৰায় 100খন ট্ৰাকে বাংলাদেশলৈ কঢ়িয়ায় নিয়ে শিল । সমান্তৰালভাৱে বাংলাদেশৰ পৰা মাজে-সময়ে ভাৰতলৈ ৰিফাইন তেল,প্লাই,প্লাষ্টিকৰ ফাৰ্ণিচাৰ আৰু বাচন-বৰ্তনকে ধৰি বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী,তুলা,কাপোৰ আদি সামগ্ৰীৰ আমদানি কৰা হয় ৷ যাৰ বিনিময়ত ভাৰত চৰকাৰে প্ৰতিদিনে ৰাজহ হিচাপে লাভ কৰে প্ৰায় পঁচিশ হাজাৰ বাংলাদেশী টকা ৷ স্থানীয় লোকসকলৰ লগতে সমগ্ৰ ধুবুৰী জিলাখনৰ প্ৰায় দহৰ পৰা পোন্ধৰ হাজাৰ পৰিয়াল ইয়াৰ সৈতে জড়িত হৈ জীৱিকা নিৰ্বাহৰ পথ বিচাৰি লৈছে ৷ মুঠৰ ওপৰত অসমৰ সীমান্তৱৰ্তী জিলাখনলৈ কৰ্মসংস্থাপনৰ সু-খবৰ কঢ়িয়াইছে এইটো বাণিজ্য কেন্দ্ৰই ৷

সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰ

ৰপ্তানিকাৰীসকলে অভিযোগ কৰা মতে,কেন্দ্ৰীয় শুল্ক বিভাগে ট্ৰাক সমূহৰ নথি-পত্ৰকে ধৰি সকলো দিশ অনুসন্ধান কৰি এক বৈধ পাৰপত্ৰ প্ৰদান কৰে ৷ পাৰপত্ৰ লাভৰ পিছত সীমান্ত অতিক্ৰম কৰি শিল ভৰ্তি ট্ৰাকসমূহ বাংলাদেশলৈ যাত্ৰা কৰে ৷ কিন্তু বাংলাদেশৰ প্ৰৱেশদ্বাৰত সীমান্ত সুৰক্ষা বাহিনীয়ে শুল্ক বিভাগে প্ৰদান কৰা নথি সংগ্ৰহ কৰি ৰখাৰ নামত বিভিন্ন অজুহাত দেখুৱাই অযথা হাৰাশাস্তি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

প্ৰতি মাহে কমেও পাঁচ লাখ বিদেশী টকাৰ ৰাজহৰ বিপৰীতে বছৰত প্ৰায় পঞ্চাশৰ পৰা ষাঠি লাখ টকাৰ ৰাজহ এইটো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰা ভাৰত চৰকাৰে লাভ কৰি আহিছে ৷ কিন্তু ৰাজহ বৃদ্ধিৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগক নিৰ্দেশ দি অহাৰ সময়তে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল । এইক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৰপ্তানিকাৰীসকলে ।

Intro:ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যকেন্দ্ৰ। ২০১৪ চনত আৰম্ভ হোৱা বাণিজ্যকেন্দ্ৰৰ জৰিয়তে প্ৰতিদিনে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে বৃহৎ পৰিমাণৰ শিল। যাৰ বিনিময়ত ভাৰত চৰকাৰে লাভ কৰিছে প্ৰতিদিনে বৃহৎ ৰাজহ।

Body: ২০১৪ চনত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী গোলকগঞ্জৰ সোনাহাটত শুভাৰম্ভ কৰা হৈছিল এইখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ। তাৰ পিছৰ পৰাই বাংলাদেশলৈ শিল আৰু কয়লা ৰপ্তানি কৰা হৈছিল যদিওঁ সম্প্ৰতি কেৱল শিল ৰপ্তানি কৰা হৈছে বাংলাদেশলৈ।

PTC- (02)

হয়, এইখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰা বৰ্তমানে প্ৰতিদিনে বাংলাদেশলৈ ৰপ্তানি কৰা হয় আছে প্ৰায় আঢ়ৈ হাজাৰ টন শিল। অৰ্থাৎ দৈনিক প্ৰায় এশ খন ট্ৰাক যায় বাংলাদেশলৈ। সমান্তৰাল ভাৱে বাংলাদেশৰ পৰা মাজে সময়ে ৰিফাইন তেল, প্লাই, প্লাষ্টিকৰ ফাৰ্নিচাৰ আৰু বাচন বৰ্তনকে ধৰি বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী, তুলা, কাপোৰ আদি বিভিন্ন আমদানি হৈ আছে ভাৰতত। যাৰ বিনিময়ত ভাৰত চৰকাৰে প্ৰতিদিনে ৰাজহ হিচাপে লাভ কৰিছে প্ৰায় পঁচিশ হাজাৰ বাংলাদেশী ডলাৰ।

Byte:- (04) মিজানুৰ ৰহমান, সভাপতি, ট্ৰেড ইউনিয়ন।

ইপিনে ভাৰত চৰকাৰে এইখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰা প্ৰতিদিনে বৃহৎ পৰিমাণৰ ৰাজহ লাভ কৰাৰ বিপৰীতে স্থানীয় লোক সকলৰ লগতে সমগ্ৰ ধুবুৰী জিলা খনৰ প্ৰায় দহৰ পৰা পোন্ধৰ হাজাৰ পৰিয়াল ইয়াৰ সৈতে জড়িত হৈ জীৱন জীৱিকাৰ এটা পথ পাবলৈ সক্ষম হৈছে। মুঠৰ ওপৰত সীমান্তৱৰ্তী জিলাখনলৈ কৰ্মসংস্থাপনৰ সু খবৰ আনিছে এইখন বাণিজ্য কেন্দ্ৰই।

PTC:- (03)

আনহাতে ৰপ্তানিকাৰী সকলে অভিযোগ কৰা মতে, সংশ্লিষ্ট কেন্দ্ৰীয় শুল্ক বিভাগে ট্ৰাক সমূহৰ সকলো নথি পত্ৰকে ধৰি সকলো দিশ অনুসন্ধান কৰি এখন বৈধ পাৰ পত্ৰ প্ৰদান কৰাৰ পিছত সীমান্ত অতিক্ৰম কৰি শিল ভৰ্তি ট্ৰাক সমূহ বাংলাদেশলৈ যাত্ৰা কৰে যদিওঁ বাংলাদেশলৈ প্ৰৱেশৰ সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে শুল্ক বিভাগে দিয়া নথি সংগ্ৰহ কৰি ৰখাৰ নামত বিভিন্ন অজুহাত দেখুৱাই অযথা চৰম হাৰাশাস্তি কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উঠিছে। ইপিনে বি এছ এফে তেনে হাৰাশাস্তি কৰা নহলে প্ৰতিদিনে এশ খন ট্ৰাকৰ পৰিৱৰ্তে দুই তিনিশ ট্ৰাক শিল বাংলাদেশলৈ ৰপ্তানি কৰাৰ বিপৰীতে ভাৰত চৰকাৰৰ ৰাজহ দ্বিগুন তিনিগুন বৃদ্ধি পাব বুলি উল্লেখ কৰে ৰপ্তানিকাৰী সকলে। সীমান্ত সুৰক্ষা বাহিনীৰ এনে কাৰ্য্যৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰক কেইবাবাৰো অভিযোগ দাখিল কৰাৰ পিছতো আজিলৈকে এইক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উঠিছে।

PTC:- (05)

Byte:- (06) মিজানুৰ ৰহমান, সভাপতি, ট্ৰেড ইউনিয়ন।

Conclusion:উল্লেখযোগ্য যে, প্ৰতি মাহে কমেও পাঁচ লাখ বিদেশী ডলাৰৰ ৰাজহৰ বিপৰীতে বছৰত প্ৰায় পঞ্চাশৰ পৰা ষাঠি লাখ ডলাৰ ৰাজহ ভাৰত চৰকাৰে লাভ কৰি আহিছে এইখন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ পৰা। কিন্তু ৰাজহ বৃদ্ধি কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগক নিৰ্দেশ দি অহাৰ সময়তে সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত নহল। এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৰপ্তানিকাৰী সকলে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Feb 9, 2020, 4:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.