ETV Bharat / state

ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল

ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল । নিমাত ধুবুৰী জিলা প্ৰশাসন । ধুবুৰীৰ বজাৰত নাই সামাজিক দূৰত্ব, অত্যাধিক ভিৰ বজাৰত । কেৱল মেলা সদৃশ পৰিৱেশ ধুবুৰীৰ বজাৰত ।

ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল
ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল
author img

By

Published : May 11, 2021, 10:11 AM IST

ধুবুৰী, 11 মে’: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো কৰ’ণা মহামাৰীয়ে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ । প্ৰতিদিনে দুগুণ হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । তেনে সময়তে ধুবুৰীৰ বজাৰ আৰু বেংকৰ সন্মুখত ৰাইজে অভাৱনীয় ভিৰ কৰা পৰিলক্ষিত হৈছে । ধুবুৰীত ধোঁৱাচাঙত উঠিছে ক’ভিড বিধি । বজাৰত নাই কোনো আৰক্ষীৰ পেট্ৰলিং । যাৰ ফলত ভিৰ নিয়ন্ত্ৰণত ব্যৰ্থ ব্যৱসায়ী সকল ।

ধুবুৰীৰ বজাৰৰ ভয়ংকৰ দৃশ্য এতিয়া শংকিত কৰি তুলিছে সাধাৰণ জনতাক । কেৱল বজাৰেই নহয়, একেই দৃশ্য ধুবুৰীৰ ষ্টেট বেংক, গ্ৰামীণ বিকাশ বেংক আদিকে ধৰি প্ৰায়বোৰ বেংকৰ সন্মুখত ৷ যি পৰিস্থিতিয়ে ধুবুৰীবাসীৰ বাবে মাতি আনিব পাৰে ভয়ংকৰ বিপদ ।

ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল

ধুবুৰী জিলাখনত ইতিমধ্যে সহস্ৰাধিক লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ক’ভিডত আক্ৰান্ত হৈ ৯ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে । জিলাখনত ২৪৯ জন ৰোগী সুস্থ হৈ উঠিছে যদিও এতিয়াও সক্ৰিয় হৈ আছে ৭৭১ জন ক’ভিড ৰোগী ।

ইপিনে জিলা খনত ক’ভিডৰ গণ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত ধুবুৰী জিলাৰ কোনো এখন চিকিৎসালয়ত নাই আই চি ইউৰ কোনো ব্যৱস্থা । নাই পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ ব্যৱস্থা । যদিও ক’ভিডক লৈ এতিয়াও সচেতন নহয় ধুবুৰীবাসী ৰাইজ । ৰাইজ সতৰ্ক নহ’লে পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা সচেতন ৰাইজৰ ।

ইপিনে চৰকাৰ প্ৰশাসনে ক’ভিড বিধি বলবৎ কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাইজে সজাগ নহ’লে ক’ভিড প্ৰতিৰোধ কৰা কোনো পধ্যেই সম্ভৱ নহয় বুলি একাংশ ৰাইজে মন্তব্য কৰাৰ বিপৰীতে নতুনকৈ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা প্ৰকাশ কৰে ধুবুৰীৰ একাংশ সচেতন ৰাইজে ।

লগতে পঢ়ক: ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.