ETV Bharat / state

এটা চহী আৰু এগৰাকী 80 বছৰীয়া বৃদ্ধাৰ আলৈ-আথানি

NRCৰ শুনানীৰ নামত বয়োজেষ্ঠ লোকৰ আলাই আথানি!! ৰাজ্যত পূৰ্ণ গতিত চলিছে এন আৰ চিৰ শুনানি প্ৰক্ৰিয়া

এটা চহী আৰু এগৰাকী 80 বছৰীয়া বৃদ্ধাৰ আলৈ-আথানি
author img

By

Published : Jun 11, 2019, 5:26 PM IST

মঙলবাৰে ধুবুৰীৰ গৌৰীপুৰ টাউন কমিটিৰ এটা এন আৰ চি সেৱা কেন্দ্ৰৰ দৃশ্যই চকু সেমেকাই তুলিলে বহুতৰে ৷ থেলাত উঠি NRCৰ শুনানীৰ বাবে সেৱা কেন্দ্ৰত হাজিৰ হ'ল এগৰাকী আশীৰ উৰ্ধৰ বয়োবৃদ্ধা ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

এটা চহী আৰু এগৰাকী 80 বছৰীয়া বৃদ্ধাৰ আলৈ-আথানি

মঙলবাৰে ধুবুৰীৰ গৌৰীপুৰ টাউন কমিটিৰ এটা এন আৰ চি সেৱা কেন্দ্ৰৰ দৃশ্যই চকু সেমেকাই তুলিলে বহুতৰে ৷ থেলাত উঠি NRCৰ শুনানীৰ বাবে সেৱা কেন্দ্ৰত হাজিৰ হ'ল এগৰাকী আশীৰ উৰ্ধৰ বয়োবৃদ্ধা ৷ এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

এটা চহী আৰু এগৰাকী 80 বছৰীয়া বৃদ্ধাৰ আলৈ-আথানি
SLUG- A_DHB_801_802_11JUNE_NRC_HUMANITY_VIS+BYTE_SHAHANUR
( Files send through FTP )

     Anchor:- সচৰাচৰ আমি ঠেলাত উঠাই লৈ যোৱা দৃশ্য প্ৰত্যক্ষ কৰিলেই আমি এম্বুলেন্সৰ অভাৱত ৰোগীক ঠেলাত উঠাই চিকিৎসালয়লৈ নিয়া বুলি ধৰি লওঁ। কিন্তু ধুবুৰীত ঠেলাত উঠা এগৰাকী বয়োবৃদ্ধা মাতৃৰ আঁৰৰ কাহিনী অলপ পৃথক। 

     vo:- ৰাজ্যত পূৰ্ণ গতিত চলিছে এন আৰ চিৰ শুনানি প্ৰক্ৰিয়া। প্ৰতিখন এন আৰ চি সেৱা কেন্দ্ৰত লোকে লোকৰণ্য। এয়া হৈছে ধুবুৰীৰ গৌৰীপুৰ টাউন কমিটিৰ এখন এন আৰ চি সেৱা কেন্দ্ৰ। বহু দূৰ দূৰণিৰ পৰা এন আৰ চিৰ শুনানিত অংশ লৈছে শ শ পৰিয়াল। পিছে এই দৃশ্য লৈ মন কৰক। এন আৰ চি সেৱা কেন্দ্ৰত এখন ঠেলাত পৰি আছে এগৰাকী অসুস্থ বয়োবৃদ্ধা মহিলা। বহু সময় পাৰ এন আৰ চি কৰ্তৃপক্ষই মহিলা গৰাকীৰ ওচৰত উপস্থিত হৈ মহিলা গৰাকীৰ চহী সংগ্ৰহ কৰিলে। দৰাচলতে এন আৰ চিৰ শুনানিৰ বাবে গৌৰীপুৰ টাউন কমিটিৰ কাৰ্য্যালয়ত আশীৰ উৰ্ধৰ এগৰাকী অসুস্থ বয়োবৃদ্ধা মহিলাক প্ৰায় চাৰি পাঁচ কিলোমিটাৰ পথ এনেদৰে ঠেলাৰে লৈ আহি মাতৃ ভক্তিৰ এক চূড়ান্ত নিদৰ্শন দাঙি ধৰিলে পুত্ৰই।
        উল্লেখযোগ্য যে, ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ চাৰিযুগীপাৰাৰ তচিৰণ বেওৱা নামৰ আশীৰ উৰ্ধ বয়োবৃদ্ধা মহিলা গৰাকীৰ নামত এন আৰ চিৰ শুনানিৰ বাবে জাননী জাৰি কৰে এন আৰ চি কৰ্তৃপক্ষই। সেইবাবে আজি বয়োবৃদ্ধা মহিলা গৰাকীক এনেদৰে ঠেলাত উঠাই আনি সম্পন্ন কৰা হল শুনানি প্ৰক্ৰিয়া। কিন্তু চাৰিযুগীপাৰাৰ পৰা এন আৰ চিৰ সেৱা কেন্দ্ৰ লৈ প্ৰায় চাৰি পাঁচ কিলোমিটাৰ জৰাজীৰ্ণ পথ এনেদৰে ঠেলাত উঠাই নিজৰ মাতৃক লৈ এন আৰ চি সেৱা কেন্দ্ৰত উপস্থিত হয় পুত্ৰ নাচিৰ উদ্দিনে। যোৱা প্ৰায় দহ বছৰৰ পৰা চকুৰে নেদেখা মাতৃ ৰোগাক্ৰান্ত হৈ অসুস্থ হৈ পৰি আছিল ঘৰত। গাঁওখনৰ পৰা যান বাহন চলাচলৰ তেনে উপযুক্ত পথ নথকাৰ বাবে পুত্ৰই বাধ্য হৈ এখন ঠেলাত উঠাই এন আৰ চি সেৱা কেন্দ্ৰত উপস্থিত হৈ সম্পূৰ্ণ কৰে শুনানি প্ৰক্ৰিয়া। উল্লেখযোগ্য যে, নিজৰ অসুস্থ মাতৃক এনেদৰে ঠেলাত উঠাই বহু কষ্ট কৰি নিজৰ মাতৃৰ শুনাই সম্পন্ন কৰি মাতৃ ভক্তিৰ এক চূড়ান্ত নিদৰ্শন দেখুৱালে পুত্ৰ নাচিৰ উদ্দিনে। যদিওঁ এন আৰ চিৰ শুনানিৰ বাবেই জ্যেষ্ঠ নাগৰিকৰ যে, আলৈ আঁথনি সেই কথা স্পষ্ট।।
                               Byte:- পুত্ৰ

       ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.