পশ্চিম বিলাসীপাৰা,26 ফেব্ৰুৱাৰীঃ ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী গৰম বতাহ ৷ ৰাজনৈতিক দল-সংগঠন সমূহৰ মাজত চলিছে এতিয়া নিৰ্বাচনীৰ ব্যাপক প্ৰচাৰ ৷ তৎপৰ হৈ পৰিছে ৰাজনৈতিক নেতা কৰ্মীও ৷ বাদ পৰি ৰোৱা নাই কংগ্ৰেছ দলো ৷ ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে 'অসম বচাওঁ আহক' অভিযান ৷ এই অভিযানৰ অংশৰূপে বৃহস্পতিবাৰে বিলাসীপাৰাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন দলীয় সভাত উপস্থিত হয় বিৰোধী বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন ৷ লগতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিভিন্ন পৰ্যায়ৰ একাংশ নেতা কৰ্মী ।
কংগ্ৰছ দলৰ ‘‘অসম বচাওঁ আহক’’ শীৰ্ষক অভিযানৰ লগত সংগতি ৰাখি বিলাসীপাৰা মহকুমাৰ চাপৰৰ পৰা উলিওৱা হয় এক বাইক ৰেলিও ৷
যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই ৰাজহুৱা সভাই-সমিতিয়ে পৰিলক্ষিত হৈছে ৰাজনৈতিক নেতাৰ বাক্যবাণ ৷ ৰাজ্যৰ প্ৰধান বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ বাক্যবাণ এইবাৰ একালৰ প্ৰিয় বন্ধু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ৷ ৰকিবুল হুছেইনে বন্ধুৰ নাম নোলোৱাকৈয়ে কৈ গ’ল বহু কথা ৷
সংবাদ মাধ্যমৰ আগত বিৰোধী বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে মন্তব্য কৰে যে, ‘‘মোৰ এগৰাকী বন্ধু আছে নাম নকওঁ, তেওঁ মন্ত্ৰী হৈ আছে ৷ খেল আৰম্ভ নহওঁতেই তেওঁ খেলপথাৰ এৰি পলাই গ’ল ৷ তেওঁ কৈছে পাপ কৰিলে কেঞ্চাৰ বেমাৰ হয় | মই অভিষাপ দিয়া নাই কিন্তু তেওঁ বহুত পাপ কৰিলে, দৰিদ্ৰক ঠগি ঠগি ৷ ভগৱানে চাই আছে তোমাৰ সকলো ৷’’
বিলাসীপাৰাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এই ‘‘অসম বচাওঁ আহক’’ শীৰ্ষক অভিযানত স্থান পালে নাগৰিকত্ব সংশোধনী আইনেও ৷ এনেদৰেই এতিয়া নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ ৰাজনৈতিক নেতাই অৱলম্বন কৰা পৰিলক্ষিত হৈছে বিভিন্ন ৰণ কৌশল ৷ কিন্তু পৰৱৰ্তী সময়তহে পৰিসক্ষিত হ’ব কোন ৰাজনৈতিক নেতাৰ ৰণ কৌশল কিমান ফলপ্ৰসূ হৈছে ৷
লগতে পঢ়কঃ অসমত পুখুৰী খান্দিব অমিত শ্বাহে !