ধুবুৰী,8 নৱেম্বৰ : ধুবুৰীৰ নিউ পাণবাৰী অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে অঞ্চলটোৰ পৰিৱেশ ৷ ক্ষুব্ধ ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, এখন ট্ৰেক্টৰ আৰু যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰেক্টৰৰ চালক আবুল হুছেইনৰ লগতে শ্ৰমিক হিচাপে কৰ্মৰত গিয়াছ উদ্দিন আহমেদ নামৰ ব্যক্তি দুগৰাকী ৷ ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা অৱস্থাত বাছখন দুৰ্ঘটনাত পতিত হয় ৷

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে অঞ্চলটোৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিবহণ বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদী জনতাৰ দ্বাৰা উত্থাপিত অভিযোগ অনুসৰি, জিলা পৰিবহণ বিভাগৰ যান-বাহন পৰিদৰ্শনকাৰী বিষয়াৰ এখন বাহনে ট্ৰেক্টৰখন উক্ত পথেৰে খেদি আহি থকাৰ বাবে ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাতো সংঘটিত হয় ৷ অৱশ্যে এই দুৰ্ঘটনাৰ ফলত কোনো বাছযাত্ৰী আহত হোৱা নাই ৷
লগতে চাওকঃ ধুবুৰীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন