ETV Bharat / state

ধুবুৰীত আচনি ৰূপায়নত ব্যাপক অনিময়ঃ পুনৰীক্ষণ কমিটিৰ বৈঠকত উন্মোচন তথ্য - বদৰুদ্দিন আজমল

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা । (District development Coordination end monitoring committee) ডিষ্ট্ৰিক্ট ডেভলপমেণ্ট কৰ্ডিনেচন এণ্ড মনিটৰিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় মঙ্গলবাৰে । জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ প্ৰসংগত আলোচনা । ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক আৰু জিলা উপায়ুক্তৰ লগতে উপস্থিত থাকে প্ৰতিটো বিভাগৰ বিষয়া সকল ।

review-meeting-at-dhuburi-dc-office
ধুবুৰীত আচনি ৰূপায়নত ব্যাপক অনিময়ঃ
author img

By

Published : Jan 22, 2020, 1:54 PM IST

ধুবুৰী, 22 জানুৱাৰীঃ চলিত নতুন বৰ্ষত ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত District development Coordination end monitoring committeeৰ চমুকৈ 'দিশা'ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । কমিটিৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ কেউজন বিধায়ক উপস্থিত থাকে । উক্ত সভাত কমিটিৰ সদস্য সচিব হিচাপে জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীৰ লগতে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে । পুৱা এঘাৰ বজাৰ পৰা আবেলি চাৰি বজালৈকে অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত জিলা খনৰ শিক্ষা, স্বাস্থ্য, গড়কপ্তানী, কৃষিকে আদিকৰি প্ৰতিটো বিভাগত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু আঁচনিৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা হয় ।

সভাখনত আন আন বিভাগৰ লগতে বিশেষকৈ কৃষি বিভাগৰ আঁচনি ৰূপায়নত ব্যপক দূৰ্নীতি হোৱা বুলি আলোচনা হয়। কিন্তু কৃষি বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ব্যপক দুৰ্নীতি হোৱা বুলি সাংসদ বিধায়কে অভিযোগ উত্থাপন কৰে । সাংসদ বদৰুদ্দিন আজমল আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাঁচিমিয়ে উল্লেখ কৰা মতে গৌৰীপুৰৰ এখন গাওঁত আঢ়ৈ শ ভোটাৰ আছে যদিওঁ উক্ত গাঁও খনৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ তালিকাত 12 শৰো অধিক লোকৰ নাম অন্তৰ্ভূক্ত হৈছে । মুঠৰ ওপৰত এইদৰে জিলাখনৰ ভিন্ন প্ৰান্তত হেজাৰ-হেজাৰ ভুৱা হিতাধিকাৰীৰ নাম সোমোৱা হৈছে হিতাধিকাৰীৰ তালিকাত । ইপিনে এই বিষয়ে বিধায়কৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী লৈ এখন প্ৰতিবেদন দাখিল কৰি তদন্তৰ দাবী উত্থাপন কৰা হ'ব বুলি উল্লেখ কৰে আজমলে।

ধুবুৰীত আচনি ৰূপায়নত ব্যাপক অনিময়ঃ

লগতে পঢ়কঃ শ্ৰেণীবৰ্জনৰে CAAৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ

Intro:ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত গুৰুত্বপূৰ্ণ সভা। (District development Coordination end monitoring committee) ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কোৰ্ডিনেচন এণ্ড মনিটৰিং কমিটি চমুকৈ 'দিশা'ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় মঙ্গলবাৰে। জিলাখনৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ প্ৰসংগলৈ আলোচনা। ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত দিশা'ৰ সভাত বিধায়ক আৰু জিলা উপায়ুক্তৰ লগতে উপস্থিত থাকে প্ৰতিটো বিভাগৰ বিষয়া সকল।

Body:চলিত নতুন বৰ্ষত আজি ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত (District development Coordination end monitoring committee) ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কোৰ্ডিনেচন এণ্ড মনিটৰিং কমিটি চমুকৈ 'দিশা'ৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। দিশা'ৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাসিপাৰা পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক উপস্থিত থাকে। উক্ত সভাত কমিটিৰ সদস্য সচিব হিচাপে জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীৰ লগতে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে। পুৱা এঘাৰ বজাৰ পৰা আবেলি চাৰি বজালৈকে অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাখনত জিলা খনৰ শিক্ষা, স্বাস্থ্য, গড়কপ্তানী, কৃষি আদিকৰি প্ৰতিটো বিভাগত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু আঁচনিৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰা হয়। সভাখনত আন আন বিভাগৰ লগতে বিশেষকৈ কৃষি বিভাগৰ আঁচনি ৰূপায়নত ব্যপক দুৰ্নীতি হোৱা বুলি আলোচনা হয়। কিন্তু কৃষি বিভাগৰ অধীনত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ব্যপক দুৰ্নীতি হোৱা বুলি সাংসদ বিধায়কে অভিযোগ উত্থাপন কৰে। সাংসদ বদৰুদ্দিন আজমল আৰু বিলাসিপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাঁচিমিয়ে উল্লেখ কৰা মতে গৌৰীপুৰৰ এখন গাওঁত আঢ়ৈ শ ভোটাৰ আছে যদিওঁ উক্ত গাঁও খনৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ তালিকাত চাৰে বাৰ শ অধিক লোকৰ নাম অন্তৰ্ভূক্ত হৈছে। মুঠৰ ওপৰত এইদৰে জিলাখনৰ ভিন্ন প্ৰান্তত হেজাৰ হেজাৰ ভুৱা হিতাধিকাৰীৰ নাম সোমোৱা হৈছে হিতাধিকাৰীৰ তালিকাত। ইপিনে এই বিষয়ে বিধায়কৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী লৈ এখন প্ৰতিবেদন দাখিল কৰি তদন্তৰ দাবী উত্থাপন কৰা হব বুলি উল্লেখ কৰে আজমলে।

Byte:- বদৰুদ্দিন আজমল, সাংসদ, ধুবুৰী

ইপিনে এইখন দিশা'ৰ সভাত প্ৰতিটো বিভাগত বিভিন্ন আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হোৱা বুলি আলোচনা হোৱাৰ লগতে বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে গঠন হোৱা কমিটি জিলা উপায়ুক্তৰ কাৰ্য্যালয় তথা জিলা পৰ্য্যায়ত অহাৰ পিছত সেই কমিটিৰ সালসলনি কৰা হয় বুলি এক অভিযোগৰ কথা উল্লেখ কৰে বিধায়ক হাফিজ বছিৰ আহমেদ কাঁচিমিয়ে।

Byte:- হাফিজ বছিৰ আহমেদ কাঁচিমি, বিধায়ক।

ইপিনে জিলা খনৰ কৃষি বিভাগৰ লগতে আন বিভিন্ন বিভাগৰ দুৰ্নীতি আৰু উন্নয়নমূলক বিভিন্ন দিশ সামৰি বিভিন্ন বিভাগক লৈ আলোচনা কৰাৰ লগতে কৃষি বিভাগৰ দুৰ্নীতিক অধিক গুৰুত্ব প্ৰদানৰ কথা উল্লেখ কৰে গোলকগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে।

Byte:- অশ্বিনী ৰায় সৰকাৰ, বিধায়ক।।

Conclusion:উল্লেখযোগ্য যে, মুঠৰ ওপৰত আজিৰ এইখন গুৰুত্বপূৰ্ণ সভাত বিভিন্ন বিভাগৰ আঁচনিৰ সঠিক ৰূপায়নত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে সম্পূৰ্ণ নোহোৱা আঁচনি সমূহ শীঘ্ৰেই সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়া হয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.