ETV Bharat / state

Minister Ashok Singhal in Dhubri: ধুবুৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ

author img

By

Published : Jul 27, 2022, 8:59 AM IST

অসম চৰকাৰৰ জলসিঞ্চন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে মঙলবাৰে ধুবুৰীত দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal visited flood affected area of Dhubri) ৷

report-on-damages-of-flood-in-dhubri-submitted-by-survey-committee
ধুবুৰীৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংঘালৰ

ধুবুৰী, 27 জুলাই : অসম চৰকাৰৰ জলসিঞ্চন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে মঙলবাৰে ধুবুৰীত শেহতীয়া বানত হোৱা ক্ষয়ক্ষতিৰ বুজ লোৱা আৰু ক্ষতিগ্ৰস্থ বাসগৃহ সন্দৰ্ভত জিলা প্ৰশাসনে প্ৰস্তুত কৰা তালিকাৰ যাদৃচ্ছিক পৰীক্ষণৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় (Ashok Singhal visited flood affected area of Dhubri) ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ধুবুৰীলৈ অহা মন্ত্ৰীগৰাকীয়ে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত বানত হোৱা ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰে (Minister Ashok Singhal in Dhubri) ৷

তেওঁ বিলাসীপাৰা মহকুমাৰ যমৰদুৱাৰত আৰু তাৰ পিছত ধুবুৰী মহকুমাৰ আদাবাৰী অঞ্চলত বানত ক্ষতিগ্ৰস্থ গৃহসমূহ পৰিদৰ্শন কৰে৷ দুপৰীয়া মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷

এই বৈঠকত ৰাজ্যিক পৰ্যায়ৰ পাঁচজনীয়া দল আৰু জিলা পৰ্যায়ৰ ৫০ জনীয়া দলে বানত হোৱা ক্ষয়ক্ষতি সন্দৰ্ভত প্ৰস্তুত কৰা তালিকাৰ পৰীক্ষণ কৰি লাভ কৰা তথ্য মন্ত্ৰীগৰাকীক দাখিল কৰে (Report on damages of flood in Dhubri submitted by survey committee ) ৷ লগতে মন্ত্ৰী সিংঘালে আন বিভাগবোৰৰ ক্ষয়ক্ষতিৰ প্ৰতিবেদন শীঘ্ৰে ক্ষতিপূৰণৰ বাবে জমা দিবলৈ নিৰ্দেশ দিয়ে ৷

বানৰ ক্ষয়ক্ষতিৰ পৰ্যালোচনা বৈঠকখনত ধুবুৰী জিলা উপায়ুক্ত আনবামুথান এম পি, জলসিঞ্চন বিভাগৰ সচিব পবিত্ৰ খাউণ্ড, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিবানী, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী আৰু মানস শইকীয়া প্ৰমুখ্যে চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, ধুবুৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়ববীয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ৷

বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে পৰীক্ষামূলক ভাৱে বানত বাসগৃহ ক্ষতিগ্ৰস্থ হোৱা লোকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে প্ৰস্তুত কৰা তালিকা সমূহ চালিজাৰি চাই সেই কামক লৈ সন্তুষ্টি প্ৰকাশ কৰে ৷ তাৰ বাবে জিলা উপায়ুক্ত আৰু তেওঁৰ সহযোগী বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে মন্ত্ৰী অশোক সিংঘালে ধুবুৰী জিলাৰ ছয়খন পৌৰসভাৰ বিষয়ববীয়াৰ সৈতেও বৈঠকত মিলিত হয় ৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত ধুবুৰী আৰু আন পাঁচখন পৌৰসভাক আগুৱাই নিয়া সন্দৰ্ভত আলোচনা কৰাৰ কথা প্ৰকাশ কৰে ৷ আটাইকেইখন পৌৰসভাৰ বাবে মাষ্টাৰপ্লেন প্ৰস্তুত কৰাৰ বিষয়ে আলোচনা কৰা হৈছে বুলিও উল্লেখ কৰে৷ জাবৰ নিষ্কাষন, পানীযোগান আঁচনি, ষ্ট্ৰীট লাইট সন্দৰ্ভতো আলোচনা হৈছে বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Minister Bimal Bora in Karimganj: বদৰপুৰৰ শিল্প উদ্যোগস্থলী পৰ্যবেক্ষণ মন্ত্ৰী বিমল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.