ETV Bharat / state

ৰিপুণ বৰাই পি চিদাম্বৰামৰ পৰা ধমকি খোৱাতো সাধাৰণ কথা : ৰকিবুল হুছেইন

author img

By

Published : Jan 10, 2021, 3:19 PM IST

Updated : Jan 10, 2021, 3:30 PM IST

পি চিদাম্বৰামে ৰিপুণ বৰাক ধমকি দিয়া বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰকিবুল হুছেইনে ৷ তেওঁ কয়, এইয়া কোনো চৰ্চাৰ বিষয় নহয় ৷ ডাঙৰ হিচাবে পি চিদাম্বৰামে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুণ বৰাক ধমকি দিছে ৷

Reacted by Rokibul Hussain.
ৰিপুণ বৰাই পি চিদাম্বৰামৰ পৰা ধমকি খোৱাতো সাধাৰণ কথা

পূৱ বিলাসীপাৰা, 10 জানুৱাৰী : ‘‘ডাঙৰ হিচাবে পি চিদাম্বৰামে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুণ বৰাক ধমকি দিছে ৷’’ পি চিদাম্বৰামে ৰিপুণ বৰাক ধমকি দিয়া প্ৰসংগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰকিবুল হুছেইনে ৷

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম লৈ ধুবুৰী জিলাত উপস্থিত হোৱাৰ পিচতেই সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয়, এইয়া কোনো চৰ্চাৰ বিষয় নহয় ৷ এই বিষয়টো একাংশই ইচ্ছাকৃত আৰু বলপূৰ্বকভাৱে চৰ্চাৰ বিষয় হিচাপে তুলি ধৰিছে ৷

ইয়াৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰথম আৰু হিমন্ত বিশ্ব শৰ্মাক অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে ৰকিবুল হুছেইনে ৷ লগতে আওপকীয়াকৈ সৰ্বানন্দ আৰু হিমন্তৰ মাজত এখন ৰাজনৈতিক অন্তঃকন্দল লাগি আছে বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷ তেওঁ কয়, পি চিদাম্বৰামে ৰিপুণ বৰাৰ ধমকি দিয়া বিষয়তকৈ সৰ্বানন্দ আৰু হিমন্ত বিশ্বৰ মাজত মুখ্যমন্ত্ৰী চকীখনক চলি থকা অন্তঃকন্দল হে আজিৰ সময়ত চৰ্চা বিষয় হ'ব লাগে ৷

উল্লেখ্য যে, প্ৰায়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিয়াৰ উদ্দেশ্য দেওবাৰে ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰা চাপৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰীকে ধৰি কেইবজানো জেষ্ঠ কংগ্ৰেছ নেতা ৷

লগতে পঢ়ক : কা বাতিল আৰু পাৰ-পত্ৰ প্ৰবৰ্তনৰ দাবীত এজেওৱাইচিপিৰ গণ অৱস্থান

Last Updated : Jan 10, 2021, 3:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.