ETV Bharat / state

অসমৰ সৰ্বত্ৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ : পুত্তলিকা দাহ

author img

By

Published : Dec 10, 2019, 11:48 PM IST

ৰাজ্যৰ বিভিন্ন স্থানত কেবৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ হৈ পৰিছে ৷ ধুবুৰীত ৰাজনৈতিক নেতাৰ পুত্তলিকা দাহ কৰাৰ লগতে হাইলাকান্দিত বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰক ক'লা পতাকা প্ৰদৰ্শন কৰা হয় ৷

অসমৰ সৰ্বত্ৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ
ধুবুৰীত ৰাজনৈতিক নেতাৰ পুত্তলিকা দাহ

ধুবুৰী/হাইলাকান্দি, 10 ডিচেম্বৰ : ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মঙলবাৰে এবিআমছুৱে কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে । "অসম চৰকাৰ হায় হায়", "কেন্দ্ৰীয় চৰকাৰ হায় হায়", "বিজেপি হায় হায়" আদি চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে এবিআমছুৱে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰোপৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্তমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰি জাতিধ্বংসী কেবৰ তীব্ৰ বিৰোধিতা কৰে সন্থাৰ সদস্যসকলে । প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক বাংলাদেশীৰ দালাল আখ্যা দিয়ে এবিআমছুয়ে । কেন্দ্ৰীয় চৰকাৰে কেব গৃহীত কৰিলে আগন্তক দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সন্থাৰ সদস্যসকলে ৷

ধুবুৰী আৰু হাইলাকান্দিত প্ৰতিবাদ

আনহাতে, হাইলাকান্দিত ক’লা পতাকাৰে আদৰণি জনোৱা হয় অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰক । মঙ্গলবাৰে ৰাতি শিলচৰৰ পৰা হাইলাকান্দিত এক ব্যক্তিগত অনুষ্ঠানত যোগ দিবলৈ উপস্থিত যোৱাৰ সময়তে লস্কৰক বিভিন্ন দল-সংগঠনে ক'লা পতাকা প্ৰদৰ্শন কৰে । তেওঁৰ যাত্ৰাপথত বাটে বাটে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাইলাকান্দি পুৰাতন হাস্পতাল ৰোড, আলগাপুৰ তিনিআলী আৰু আলগাপুৰ বজাৰ আদিত উপাধ্যক্ষগৰাকীক ক'লা পতাকা প্ৰদৰ্শন কৰি চৰকাৰ বিৰোধী শ্লোগান দি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায় ।

অসমৰ সৰ্বত্ৰে কেবৰ বিৰুদ্ধে প্ৰতিবাদ
ধুবুৰীত পুত্তলিকা দাহ

আৰু পঢ়ক : ৰাজ্যসভাতো বিজেপিয়ে কেব গৃহীত কৰিব : জগদম্বিকা পাল

Intro: কেবৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সময়ত ৰাজ্যজুৰি জ্বলিছে প্ৰতিবাদৰ জুই। বন্ধৰ সময় চোৱাত ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জত জ্বলিল প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগতে হাগ্ৰামা মহিলাৰীৰ পুত্তোলিকা।

Body: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল উত্তাল প্ৰতিবাদ। একেদৰে ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এবিআমছুৱে সাব্যস্ত কৰিলে কেব বিৰোধী প্ৰতিবাদ। অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি হায় হায়, আদি চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে এবিআমছুৱে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিত্ত মন্ত্ৰী অমিত সাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পুত্তোলিকা দাহ কৰি জাতিধ্বংসী কেবৰ তীব্র বিৰোধিতা কৰে। প্ৰধানমন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক বাংলাদেশী দালাল আখ্যা এবিআমছুৰ।

Byte:- এবিআমছু নেতা।

Conclusion: ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কেব বিৰোধী প্ৰতিবাদ অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কেব গৃহীত কৰিলে আগন্তক দিনত বিজেপি চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ এবিআমছুৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.