ETV Bharat / state

অসমত জন্ম হ'ব নেকি আন এক ৰাজনৈতিক দলৰ ? - কেন্দ্ৰীয় চৰকাৰ

অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপৰ বিৰুদ্ধে ক্ষোভ উজাৰি ইতিমধ্যে অসমত গঠন হোৱা দলসমূহে সমাগত বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷ সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ এখন সভাত শনিবাৰে অক্টোবৰ মাহত হ'বলগীয়া ৰাজনৈতিক অভিৱৰ্তনত পোনপটীয়াকৈ নহ'লেও নতুন আঞ্চলিক দলৰ জন্ম হ'ব পাৰে বুলি আভাস প্ৰদান কৰে ৷

ৰাজনৈতিক দল
ৰাজনৈতিক দল
author img

By

Published : Sep 19, 2020, 10:01 PM IST

ধুবুৰী, 19 চেপ্তেম্বৰ: চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসমত জন্ম হ'ল একাধিক দলৰ ৷ এইবাৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথত নহয় ৰাজনৈতিক আন্দোলন কৰাৰ পোষকতা কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমে ৷ অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকলাপৰ বিৰুদ্ধে ক্ষোভ উজাৰি ইতিমধ্যে অসমত গঠন হোৱা দলসমূহে সমাগত বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷ তেনে সময়তে আন এক ৰাজনৈতিক দল গঠনৰ উমান পোৱা গ'ল সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ এখন সভাত ৷

অসমত জন্ম হ'ব নেকি আন এক ৰাজনৈতিক দলৰ ?

শনিবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ, অসমৰ ধুবুৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় এখন সভা ৷ সংসদৰ কেন্দ্ৰীয় সভাপতি এ.এম এনামুল হকে অনুষ্ঠিত কৰা সংবাদমেল খনত বিগত চৰকাৰৰ দিনবোৰত অসমৰ খিলঞ্জীয়া লোকক কেৱল প্ৰতাৰণা কৰাৰ লগতে লাঞ্চিত, বঞ্চিত কৰি ৰখা হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ লগতে, সভাত খনত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷ সভাৰ অন্তত অনুষ্ঠিত সংবাদমেলত কেন্দ্ৰীয় সভাপতি গৰাকীয়ে, অহা অক্টোবৰ মাহত ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ব আৰু সেই অভিৱৰ্তনত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ সংবাদমেলত সংসদৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে পোনপটীয়াকৈ উল্লেখ নকৰিলেও অনুষ্ঠিত হ'বলগীয়া ৰাজনৈতিক অভিৱৰ্তনত এটা নতুন আঞ্চলিক দলৰ জন্ম হ'ব পাৰে বুলি আভাস প্ৰদান কৰে ৷

লগতে পঢ়ক: অৰুণাচলক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীয়ে লাভ কৰিছে নতুন মাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.