ETV Bharat / state

বিজেপিৰ প্ৰতি মোহভংগ হৈছে সংখ্যালঘুৰ: প্ৰশান্ত কুমাৰ বৰুৱা

author img

By

Published : Feb 15, 2021, 2:01 PM IST

চাপৰৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ কৰ্মীসভাত সৰব হৈ পৰিল তিনিবাৰকৈ বিধায়ক হোৱা দলটোৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱা ৷ 27 নং বিলাসীপাৰা পূৱ সমষ্টি পুনৰ বিজেপিয়ে বিচৰাক লৈ ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

বিজেপিৰ প্ৰতি মোহ-ভঙ্গ হৈছে সংখ্যালঘু ৰাইজৰ:প্ৰশান্ত কুমাৰ বৰুৱা

পূৱ বিলাসীপাৰা,15 ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন আকৰ্ষণীয় হৈ পৰিছে বিলাসীপাৰা পূৱ সমষ্টিৰ ৰাজনৈতিক বাতাবৰণ । চাপৰৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা দলটোৰ কৰ্মী সভাত সৰৱ হোৱা দেখা গ'ল তিনিবাৰকৈ বিধায়কৰ পদত অধিষ্ঠিত হোৱা প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাক ।

বিধায়ক গৰাকীৰ মতে, 27 নং বিলাসীপাৰা পূৱ সমষ্টি আগৰে পৰা অসম গণ পৰিষদৰ দখলত আছিল ৷ যোৱা 2016 চনৰ অসম বিধানসভা নিৰ্বাচনত মিত্ৰতাৰ খাতিৰতহে বিজেপিক এৰি দিছিল আসনখন ৷ কিন্তু এইবাৰ মিত্ৰতাৰ খাতিৰত বিজেপিয়ে বিলাসীপাৰাৰ পূৱ সমষ্টিটো অসম গণ পৰিষদক এৰি দিব লাগে ৷ কাৰণ 2021 ৰ বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ সংখ্যালঘু ভোটাৰে বিজেপিক ভোট নিদিয়ে ৷ বিজেপিৰ প্ৰতি ক্ৰমাৎ মোহভংগ হৈছে সংখ্যালঘু ৰাইজৰ ।

লগতে পঢ়ক: পত্নীৰ বাবে টিকটৰ প্ৰয়োজন বিজেপি সাংসদৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.