ETV Bharat / state

ধুবুৰীত কোৱাৰেণ্টাইন চেণ্টাৰত দুৰ্বিসহ জীৱন কোৱাৰেন্টাইন লোকৰ

author img

By

Published : May 24, 2020, 11:18 PM IST

ধুবুৰী কোৱাৰেণ্টাইন কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে কোৱাৰেন্টাইন হৈ থকা লোক সকলৰ মাজত ৷ যোৱা দুই তিনি দিনৰ পৰা ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত ধুবুৰীৰ একাংশ কোৱাৰেণ্টাইন চেণ্টাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে ।ফলত নৰক যন্ত্ৰণা ভোগ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে উক্ত কেন্দ্ৰটোত।

ETV BHARAT
ধুবুৰীত কোৱাৰেণ্টাইন চেণ্টাৰত দুৰ্বিসহ জীৱন কোৱাৰেন্টাইন লোকৰ

ধুবুৰী,24 মেঃ ধুবুৰীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱা বুলি গুতুতৰ অভিযোগ কোৱাৰেন্টাইন লোকৰ ৷ অতি নিম্ন মানৰ খাদ্য যোগান ধৰা বুলি অভিযোগ তোলে কোৱাৰেন্টাইন হৈ থকা লোক সকলে ৷

উল্লেখ্য যে ধুবুৰী জিলাৰ মুঠ ১০৫ টা কোৱাৰেণ্টাইন চেণ্টাৰত ১১ হেজাৰতকৈ অধিক লোক কোৱাৰেণ্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰ প্ৰশাসনে । তাৰ পৰিবৰ্তে কোৱাৰেণ্টাইন কেন্দ্ৰ সমুহত অতি নিম্ন মানৰ খাদ্য যোগান ধৰাৰ অভিযোগ খাদ্য যোগানকাৰী সংস্থাৰ বিৰুদ্ধে । আনহাতে কোৱাৰেণ্টাইন কেন্দ্ৰত দুৰ্বিসহ জীৱন কটাবলগীয়া হোৱা বুলি কোৱাৰেণ্টাইন থকা লোক সকলে অভিযোগ কৰে । তাৰোপৰি যোৱা দুই তিনি দিনৰ পৰা ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত ধুবুৰীৰ একাংশ কোৱাৰেণ্টাইন চেণ্টাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে । বৰষুণৰ পানী কোঠালীৰ ভিতৰলৈ সোমাই যোৱাত নৰক যন্ত্ৰণা ভোগ কৰিব লগীয়া হৈছে কোৱাৰেন্টাইন হৈ থকা লোক সকলে । তাৰোপৰি ইপিনে বৰষুণৰ মাজতেই স্বাস্থ্য পৰীক্ষাৰ বাবে মহিলা সকলে সন্তানক কোলাত লৈ এইদৰে ঘণ্টাৰ পিছত ঘন্টা থিয় হৈ থাকিবলগীয়া হৈছে ৷ যদিও জিলা প্ৰশাসনৰ ফালৰ পৰা এই সকল শিশু তথা মহিলা সকলক বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে । আনহাতে, এনেদৰে বৰষুণৰ মাজত ঘণ্টাৰ পিছত ঘন্টা ৰ'দে বৰষুণে থিয় হৈ থকাৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হ'ব বুলি চিন্তিত হৈ পৰিছে একাংশ সচেতন মহল ৷ তাৰোপৰি জিলা প্ৰশাসনৰ এনে গুৰুত্বহীন কৰ্ম কাণ্ডৰ বাবে ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ সচেতন লোকৰ মাজত ৷

লগতে পঢ়ক- ম্যাদ উকলা মথাউৰিক লৈ শংকিত মাজুলীৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.