ETV Bharat / state

জনপ্ৰতিনিধিয়ে দেখা নোপোৱা এটা অঞ্চল

author img

By

Published : Jun 16, 2020, 2:28 PM IST

এখন পকী দলঙৰ অভাৱত কৃষি জীৱি অঞ্চলটোৰ প্ৰায় তিনি সহস্ৰাধিক ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিছে । এই দলঙৰ পৰা পৰি এজন লোকৰ মৃত্যু হোৱা কৰুণ ঘটনাও সংঘটিত হৈছে । তৎসত্বেও এই অঞ্চলটোলৈ জনপ্ৰতিনিধিৰ চকু নপৰিল ৷ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰৰ পূৰ্বে দলংখনৰ সন্দৰ্ভত ৰাইজক কৰা প্ৰতিশ্ৰুতিও পাহৰিলে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷

east Bilashipara
পূৱ বিলাসীপাৰা

পূৱ বিলাসীপাৰা, 16 জুন: পূৱ বিলাসীপাৰাত উন্নয়নৰ এখন ফোঁপোলা ছবি ৷ পৰিবৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ নমুনা হৈছে পূৱ বিলাসীপাৰাৰ চাপৰ নগৰৰ ৭ নং ৱাৰ্ডৰ সংলগ্ন ৰৌমাৰী ২য় খণ্ড গাঁও । মৰা চম্পাৱতী নৈৰ ওপৰত আছে এখন বাঁহৰ দলং । এখন পকী দলঙৰ অভাৱত কৃষি জীৱি অঞ্চলটোৰ প্ৰায় তিনি সহস্ৰাধিক ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিছে । এই দলঙৰ পৰা পৰি এজন লোকৰ মৃত্যু হোৱা কৰুণ ঘটনাও সংঘটিত হৈছে । তৎসত্বেও এই অঞ্চলটোলৈ জনপ্ৰতিনিধিৰ চকু নপৰিল ৷ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰৰ পূৰ্বে দলংখনৰ সন্দৰ্ভত ৰাইজক কৰা প্ৰতিশ্ৰুতিও পাহৰিলে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷

পূৱ বিলাসীপাৰা

আনহাতে, বিগত কিছুদিন ধৰি অনুপযোগী হৈ আছে গাঁওবাসীৰ যাতায়তৰ একমাত্ৰ থল বাঁহৰ দলংখন ৷ সেয়ে অৱশেষত ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়তৰ উপযোগী কৰি তুলিলে দলংখন । অঞ্চলটোৰ ৰাইজে উপভোগ কৰিব নোৱাৰে ১০৮, অগ্নি নিৰ্বাপক বাহিনী নাইবা চৰকাৰৰ জৰুৰীকালীন সেৱা সমূহ । এওঁলোকৰ ক্ষেত্ৰত চৰকাৰৰ কোটি টকীয়া আঁচনি সমূহ অসাৰ । কেতিয়া অন্ত পৰিব এই দীৰ্ঘ দিনীয়া সমস্যাৰ ইয়াক লৈ শংকিত অঞ্চলবাসী । অতি শীঘ্ৰে এই বাঁহৰ দলংখন পকীকৰণ কৰাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.