ETV Bharat / state

Anti Child Marriage Operation: ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,190 জনক গ্ৰেপ্তাৰ - Operation against Child Marriage in Golaganj

ধুবুৰীত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ ৷ মাজ নিশাৰ পৰা চলা এই অভিযানত গ্ৰেপ্তাৰ অবৈধ স্বামী আৰু অভিভাৱকসহ বহু অভিযুক্ত।

Anti Child Marriage Operation
ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:08 PM IST

ধুবুৰীত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ধুবুৰী,3 ছেপ্টেম্বৰ :সোমবাৰৰ নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহ বিৰোধী অভিযান চলাইছে আৰক্ষীয়ে । নিশা শোৱাপাটীৰ পৰাই যাক যেনেকৈ পাইছে তেনেকৈয়ে আটক কৰি থানা লৈ আনে আৰক্ষীয়ে ৷

ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মশালা, কাছাৰীহাট, তিস্তাপাৰা, দুৰাহাটী, কলেজ নগৰ, এ এম কোঃ ৰোড, মাঝেৰচৰ ফলিমাৰী আদিত অভিযান চলাই ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ নিশাৰ পৰা আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিছে ৷

এক প্ৰকাৰ অবৈধ স্বামী আৰু অভিভাৱকেৰে ভৰি পৰিল ধুবুৰী সদৰ আৰক্ষী থানা । জিলাখনৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমণি, বিলাসীপাৰা, চাপৰ আদিকে ধৰি প্ৰতিখন আৰক্ষী থানাৰ আৰক্ষীয়ে নিশা পৃথকে পৃথকে চলাইছিল অভিযান ।

ধুবুৰী সদৰ আৰক্ষী থানা এলেকাত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় 35 জনকৈ অবৈধ স্বামীসহ অভিভাৱক । একেদৰে গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা 42 জন, আগমণি আৰক্ষী থানা এলেকাৰ পৰা 7 জন, তামাৰহাট থানা অঞ্চলৰ পৰা 12 জনক গ্ৰেপ্তাৰ কৰা হয় ৷

আনহাতে গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰা 42 জন, বিলাসীপাৰা থানা অঞ্চলৰ পৰা 35 জন, সাপটগ্ৰাম থানা অঞ্চলৰ পৰা 11 জন আৰু চাপৰ আৰক্ষী থানা এলেকাৰ পৰা 6 জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

বৰ্তমানলৈকে ধুবুৰী জিলাখনত সৰ্বমুঠ 190 জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে । উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত হোৱা অসম আৰক্ষীৰ প্ৰথম পৰ্যায়ত ধুবুৰী জিলাত বাল্য বিবাহৰ লগত জড়িত স্বামী, অভিভাৱক, কাজী, পূৰোহিতসহ 154 জনক আটক কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়ক:Protest against Electricity Sub Division : বিদ্যুৎ উপসংমণ্ডলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.