ETV Bharat / state

Operation against child marriage: বাল্যবিবাহৰ লগত জড়িত ৩৬ জন লোকক আটক বিলাসীপাৰাত

বাল্যবিবাহৰ বিৰুদ্ধে বিলাসীপাৰাত আৰক্ষীৰ অভিযান (Operation against child marriage) ৷ আৰক্ষীৰ অভিযানত বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহৰ লগত জড়িত ৩৬ জন লোকক আটক ।

author img

By

Published : Feb 3, 2023, 10:53 AM IST

people-arrested-in-connection-with-child-marriage-from-bilasipara-dhubri
বিলাসীপাৰাত আটক ৩৬ জন
বিলাসীপাৰাত আটক ৩৬ জন

পশ্চিম বিলাসীপাৰা, 3 ফেব্ৰুৱাৰী: প্ৰশ্ন- আপোনাক কিয় ঘৰৰ পৰা উঠাই আনিছে ? উত্তৰ- "আমাক এই কাৰণতেই লৈ আহিছে" ৷ আকৌ প্ৰশ্ন- কি কাৰণত ? উত্তৰ- "ছোৱালী কম বয়সত বিয়া দিছিলো" ৷ আন এজনক প্ৰশ্ন- আপোনাক কিয় আটক কৰিছে ? উত্তৰ- "ছোৱালীক 17 বছৰ বয়সত বিয়া দিছো"৷ এয়া দুগৰাকী পিতৃৰ ভাষ্য ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নিজৰ কন্যাক কম বয়সতেই বিয়া দিয়া বুলি নিজ মুখেৰে স্বীকাৰ কৰে ৷

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ দিছিল (Assam drive against child marriage) ৷

মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ অনুসৰি বাল্যবিবাহৰ লগত জড়িত থকা স্বামী, পৰিয়ালৰ লোক, পুৰোহিত, পূজাৰী, মৌল্লবী আৰু কাজিক দোষী সাব্যস্ত কৰি POCSO আইনৰ অধীনত বিচাৰ কৰা হ’ব (Child marriage cases registered in Assam) ৷ সমগ্ৰ ৰাজ্যতে এই পৰ্যন্ত বাল্য বিবাহৰ মুঠ ৪,০০৪ টা গোচৰ পঞ্জীয়ন হৈছে (Assam child marriage case list) ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বৃহস্পতিবাৰে নিশাৰে পৰা আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে প্ৰায় 750 গৰাকী লোকক (Operation against Child marriage In Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিলাসীপাৰাতো আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

লগতে পঢ়ক: Operation against child marriage: কলগাছিয়াত বাল্য বিবাহৰ লগত জড়িতৰ অভিযোগত 17 জনক আটক

পুৱতি নিশাই আৰক্ষীয়ে চলোৱা অভিযানত বিলাসীপাৰাৰ বিভিন্ন প্ৰান্তৰ পৰা বাল্য বিবাহৰ লগত জড়িত থকা ২৭ জন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ সমান্তৰালভাৱে টিলাপাৰাৰ বিভিন্ন প্ৰান্তৰ পৰা আটক হৈছে ৯ জন বেআইনী স্বামী (Illegitimate husband arrested From Bilasipara) ।

বিলাসীপাৰাৰ লক্ষীগঞ্জ, নয়াহাট, বামুণপাৰা, হাতীপোতা, কাঠালদি, ছুৱাপাতা, চিৰাকুটা, সোনামুখী, টিলাপাৰা, সন্তোষপুৰ আদি গাঁৱত আৰক্ষীয়ে চলাইছিল বাল্য বিবাহ বিৰোধী এই অভিযান ৷ এই অভিযানত বাল্য বিবাহৰ লগত জড়িত মুঠ ৩৬ গৰাকীকৈ ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় বিলাসীপাৰা আৰু শালকোচা আৰক্ষী ।

ইফালে আৰক্ষীয়ে আটক কৰা সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কন্যাক কম বয়সত বিয়া দিয়া বুলি স্বীকাৰ কৰে অভিযুক্ত পিতৃয়ে (Child marriage in Assam) ৷

লগতে পঢ়ক: Operation against Child marriage: মৰিগাঁৱত বাল্য বিবাহৰ লগত জড়িত 24 জন অভিযুক্ত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.