ETV Bharat / state

প্ৰতিবাদত কঁপিল ধুবুৰীৰ ৰাজীৱ ভৱন

author img

By

Published : Feb 4, 2021, 5:54 PM IST

ধুবুৰীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি । এনএছইউআইৰ প্ৰতিবাদস্থলীত আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ তাণ্ডৱ । প্ৰতিবাদকাৰীয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা ।

NSUI Protest in dhubri assam etv bharat news
ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি

ধুবুৰী,4 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰৰ দিনটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ধুবুৰীৰ ৰাজীৱ ভৱনত ৷ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু কৃষক বিৰোধী আইন আদি কেইবাটাও সমস্যাৰ বিৰুদ্ধে ধুবুৰীৰ ৰাজীৱ ভৱনত এনএছইউআই-ৰ নেতৃত্বত একাংশ সদস্য একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি

এনএছইউআই-ৰ জিলা পৰ্যবেক্ষক পাৰভেজ ৰাজা আৰু জিলা এনএছইউআই-ৰ সভাপতি ৰফিকুল ইছলাম চৌধুৰীৰ নেতৃত্বত হোৱা এনে প্ৰতিবাদৰ সময়তে প্ৰতিবাদস্থলীত উপস্থিত হয় আৰক্ষী ৷ উত্থাপিত অভিযোগ অনুসৰি, আৰক্ষীৰ দলটোৱে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ লগতে এনএছইউআই-ৰ পতাকা ভৰিৰে গচকি ফালি পেলায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে প্ৰতিবাদস্থলী ৷

প্ৰতিবাদত কঁপিল ধুবুৰীৰ ৰাজীৱ ভৱন

একে সময়তে প্ৰতিবাদকাৰীসকলে ৰাজীৱ ভৱনৰ চৌহদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধুবুৰী আৰক্ষীৰ দলটোৱে নীতি বহিৰ্ভূতভাৱে প্ৰতিবাদস্থলীত প্ৰৱেশ কৰি একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰা কাৰ্যৰ গৰিহণা প্ৰদান কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে এনএছইউআই-ৰ কৰ্মীসকলে ৷ তদুপৰি ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷

লগতে চাওকঃ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্তঃ লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.