ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা আৰু সতীৰ্থ সকল বিসম্বাদত ডক্টৰেট ডিগ্ৰীধাৰী: গৌৰৱ গগৈ

বিসম্বাদক বিজ্ঞান আখ্যা দিলে সাংসদ গৌৰৱ গগৈয়ে ৷ বিসম্বাদক বিজ্ঞান আখ্যা দি এই বিজ্ঞানত হিমন্ত বিশ্ব শৰ্মা আৰু সতীৰ্থ সকল মাষ্টাৰ্ছ আৰু পিএইচডি ডিগ্ৰীধাৰী বুলি কটাক্ষ সাংসদগৰাকীৰ ৷ মন্ত্ৰী ড৹ শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীৰ আসন খন দিবলৈ বিজেপি চৰকাৰক আহ্বান সাংসদ গগৈৰ ৷

mp gaurov gogoi lashes out at minister himanta biswa sarma

author img

By

Published : Feb 26, 2021, 5:28 PM IST

ধুবুৰী, 26 ফেব্ৰুৱাৰী: বিসম্বাদক বিজ্ঞান আখ্যা দি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উক্ত বিজ্ঞানত ডক্টৰেট ডিগ্ৰীধাৰী বুলি কটাক্ষ কৰি সাংসদ গৌৰৱ গগৈয়ে কেইটামান দিনৰ বাবে হ'লেও মন্ত্ৰী ড৹ শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীৰ আসন খন দিবলৈ বিজেপি চৰকাৰক আহ্বান জনাইছে ৷ দুদিনীয়া কাৰ্যসূচীৰে অসম বঁচাও অভিযানেৰে ধুবুৰীত উপস্থিত হৈ সাংসদ গগৈয়ে মন্ত্ৰী ড৹ শৰ্মাক উদ্দেশ্যি এনেদৰে তীৰ্যক মন্তব্য কৰে ৷

মন্ত্ৰী ড৹ শৰ্মাক অসমৰ মুখ্যমন্ত্ৰীৰ আসন খন দিবলৈ বিজেপি চৰকাৰক আহ্বান গৌৰৱ গগৈৰ

হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থ সকলক বিসম্বাদত মাষ্টাৰ্ছ আৰু পিএইচডি ডিগ্ৰীধাৰী আখ্যা দি গগৈয়ে বিজেপি দলতেই বৰ্তমান আটাইতকৈ বেছি বিসম্বাদী আছে বুলি কটাক্ষ কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী আসনখনৰ প্ৰতি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট মোহ আছে বুলি মন্তব্য কৰি গগৈয়ে নিৰ্বাচনৰ পূৰ্বে বাকী থকা কাৰ্যকালৰ দিন কেইটাত হ'লেও ড৹ শৰ্মাক মুখ্যমন্ত্ৰী আসনখন দিয়াৰ বাবে বিজেপি চৰকাৰক আহ্বান জনায় ৷ তেওঁ কয় যে অন্ততঃ কেইটামান দিনৰ বাবে হ'লেও মুখ্যমন্ত্ৰীত্বৰ আসন পালে হিমন্ত বিশ্ব শৰ্মাই নিজেও মনত শান্তি পাব আৰু আনকো শান্তিত থাকিবলৈ দিব ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো আক্ৰমণৰ লক্ষ্য কৰি লৈ গগৈয়ে কয় যে, অসমত মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি গম পোৱাৰ বাবেহে অসমলৈ ঘনে ঘনে আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ ৷ অসমত কংগ্ৰেছে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি বিভিন্ন সময়ত বিজেপিয়ে কৰি অহা মন্তব্যৰ প্ৰসংগ টানি আনি কংগ্ৰেছ যদি জিকিবই নোৱাৰে তেন্তে মোডী আৰু শ্বাহ অসমলৈ কিয় বাৰে বাৰে আহি আছে বুলি গগৈয়ে প্ৰশ্ন কৰে ৷

অসমত বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হ'বলৈ আশা পালি থকা জনৰ মাজত হোৱা শীতল যুদ্ধৰ ফলত বিজেপিৰ হাততে বিজেপি পৰাভূত হ'ব বুলি মন্তব্য কৰি সাংসদ গৰাকীয়ে অসমত কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে বুলিও দাবী কৰে ৷ প্ৰধানমন্ত্ৰী তিনিবাৰকৈ আহিলেও বিজেপিৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, অসমত এইবাৰ চৰকাৰ সলনি হ'ব আৰু পৰিৱৰ্তন নহয় বৰঞ্চ পৰিত্ৰাণ হ'ব ৷

লগতে পঢ়ক: লুৰীণ মোৰ সৰু ভাইঃ সুৰ সলালে বিপিন চাউদাঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.