ETV Bharat / state

ভাৰত-বাংলা সীমান্তত অচল শিক্ষা ব্যৱস্থা !

শিক্ষা ব্যৱস্থাৰ নামত চৰম ল’ৰা-ধেমালি সংঘটিত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত ৷ একাংশ চৰকাৰী বিদ্যালয়ত পাঠদানৰ লগতে মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷

Mid day meal scam at indo bangla border at dhubri assam etv bharat news
অচলাৱস্থা শিক্ষা ব্যৱস্থা
author img

By

Published : May 14, 2020, 11:44 AM IST

ধুবুৰী,13 মে’: ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষা ব্যৱস্থাৰ নামত দীৰ্ঘদিনৰ পৰা চলি আহিছে একপ্ৰকাৰৰ ব্যৱসায় ৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ অভিযোগ অনুসৰি,ধুবুৰীৰ গৌৰীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ফুলকাকাটা গাঁও পঞ্চায়তৰ অধীনত প্ৰায় 17খন প্ৰাথমিক বিদ্যালয় থকাৰ বিপৰীতে কোনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নাই ৷ কিন্তু বৰ্তমান থকা প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা তেনেই দুখ লগা পৰিলক্ষিত হৈছে । তদুপৰি প্ৰায়বোৰ বিদ্যালয়ত নিয়মিত পাঠদান নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ চৰকাৰী নিয়ম অনুসৰি 9 বজাত বিদ্যালয় আৰম্ভ হ’ব লাগে যদিও 11 বজাতহে বিদ্যালয়ত উপস্থিত হয় শিক্ষক ৷ মাত্ৰ দুঘণ্টাৰ পিচত অৰ্থাৎ 1 বজাৰ ভিতৰত পুনৰ বন্ধ হৈ পৰে বিদ্যালয়সমূহ ৷ লগত প্ৰতি সপ্তাহৰ শনিবাৰে অঘোষিত বন্ধ পালন কৰে বিদ্য়ালয়সমূহে ৷

অচলাৱস্থা শিক্ষা ব্যৱস্থা

আনহাতে, মধ্যাহ্ন ভোজনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । সেই অনুসৰি মাহেকত এদিন বা দুদিন মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰে বিদ্যালয় কৰ্তৃপক্ষই । সম্প্ৰতি লক্​ ডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিবলগীয়া নগদ ধন আৰু চাউল বিতৰণৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে বিদ্যালয়সমূহে ৷ মুঠতে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলটোত চৰকাৰী বিদ্যালয় সমূহত শিক্ষা ব্যৱস্থাৰ নামত একপ্ৰকাৰৰ ব্যৱসায় চলা পৰিলক্ষিত হৈছে ৷ বিষয় সন্দৰ্ভত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে জিলা প্ৰশাসন তথা শিক্ষা বিভাগে ৷

লগতে চাওকঃ ১৪ দিনৰ হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.