পূৱ বিলাসীপাৰা, ২১ মে': ৰাজ্যত অব্যাহত আছে নিষিদ্ধ গাঞ্জাৰ ৰমৰমীয়া বেহা ৷ বৃহস্পতিবাৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ শালকোচা আৰক্ষীয়ে অভিযান চলায় গাঞ্জাৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই ভেলুপাৰা দ্বিতীয় খণ্ড গাঁৱৰ নিবাসী শংকৰ নাথ নামৰ লোকজনৰ ঘৰত ৷
অভিযান কালত অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । কিন্তু আৰক্ষীৰ এই অভিযানৰ কথাৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে শংকৰ নাথে ।
ঘটনা সন্দৰ্ভত শালকোচা আৰক্ষীয়ে ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰা হ'ব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক: লামডিঙত গাঞ্জাসহ এজনক আটক