ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাত মানৱ শৃংখল - ধুবুৰী জিলা

সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো সোমবাৰে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চিৰাকুটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

kmss protest at bilashipara to release akhil
অখিল গগৈৰ মুক্তিৰ দাবীৰে ছাত্ৰ মুক্তিৰ উদ্যোগত বিলাসীপাৰাত মানৱ শৃংখল
author img

By

Published : Jul 27, 2020, 8:17 PM IST

বিলাসীপাৰা, ২৭ জুলাই: নাগৰিকত্ব সংশোধনী আইন বাতিলকে ধৰি কা' বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ৰোষত পৰি গ্ৰেপ্তাৰ বৰণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু আন কেইগৰাকী কাৰাবন্দীৰ মুক্তিৰ দাবী জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অখিল গগৈৰ মুক্তিৰ দাবীৰে ছাত্ৰ মুক্তিৰ উদ্যোগত বিলাসীপাৰাত মানৱ শৃংখল

বিলাসীপাৰাৰ চিৰাকুটাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ক'ৰণাৰ সংক্ৰমণ ৰোধৰ বাবে দিয়া নিৰ্দেশনা অনুযায়ী সামাজিক দূৰত্ব বজাই ৰাখি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল তৈয়াৰ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বিজেপি চৰকাৰক হায় হায়,বিজেপি চৰকাৰ মুৰ্দাবাদ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তুলে ৰাষ্ট্ৰীয় ঘাইপথ ।

অতি শীঘ্ৰে কৃষক নেতা অখিল গগৈৰ লগতে কা' বিৰোধী আনসকল কাৰাবন্দী নেতাক বিনাচৰ্তে মুকলি কৰি নিদিলে আগন্তুক দিনত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অধিক তীব্ৰ ৰূপত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে ।

লগতে চাওকঃ দেশৰ প্ৰথম ত্ৰিৰংগা উত্তোলিত থানাখন সংৰক্ষণৰ ব্যৱস্থা প্ৰত্নতত্ত্ব বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.