ETV Bharat / state

সাংবাদিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে আৰক্ষী জোৱানে - আৰক্ষী জোৱান

দেওবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰত সাংবাদিকক আক্ৰমণ । চোকা অস্ত্ৰৰে সাংবাদিক অৰুণ কুমাৰ পালক হত্যাৰ চেষ্টা এজন আৰক্ষী বেটেলিয়নৰ জোৱানৰ । বৰ্তমানো পলাতক অৱস্থাত আছে ধৃত জোৱানজন ৷

Journalist attacked
ধুবুৰীত সাংবাদিকক আক্ৰমণ
author img

By

Published : Sep 14, 2020, 11:11 AM IST

ধুবুৰী, 14 ছেপ্তেম্বৰ: ধুবুৰীৰ গৌৰীপুৰত দেওবাৰে নিশা পুনৰ সাংবাদিকক আক্ৰমণ ৷ দৈনিক অসম কাকতৰ সাংবাদিক তথা ধুবুৰী জিলা বার্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক অৰুণ কুমাৰ পালে নিজ কৰ্তব্যৰ পৰা ঘৰলৈ উভতাৰ পথত এজন যুৱকে আক্ৰমণ কৰে ৷

ধৃত যুৱকজন অসম আৰক্ষীৰ বেটেলিয়নত কৰ্মৰত সুব্ৰত সৰকাৰ ওৰফে বাপ্পি সৰকাৰ বুলি জানিব পৰা গৈছে । পূৰ্ব পৰিকল্পিতভাৱে খাপ পিটি জোৱানজনে চোকা অস্ত্ৰৰে সাংবাদিকজনৰ মূৰত আৰু শৰীৰৰ বিভিন্ন স্থানত আঘাত কৰে ৷

Journalist attacked
ধুবুৰীত সাংবাদিকক আক্ৰমণ

সাংবাদিক অৰুণ পালক নিশাৰ ভাগতে গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰোৱা হয় যদিও পাচত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ ইফালে ঘটনা সংঘটিত হোৱাৰ পাচতে সাংবাদিক পালে গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানো অভিযুক্ত আৰক্ষী বেটেলিয়নজন পলাতক অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ইয়াৰোপৰি, উক্ত ঘটনাক তীব্র গৰিহণা দি শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰি শাস্তি বিহাৰ দাবী জনাইছে বার্তাজীৱী সংঘৰ লগতে সাংবাদিক মহলে ।

লগতে পঢ়ক: আমগুৰিত শুৰপোকৰ আক্ৰমণত বিনষ্ট শ শ বিঘা কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.