ETV Bharat / state

কৰ'ণাৰ মাজতেই এইবাৰ জাপানীজ এনকেফেলাইটিজৰ আতংক

author img

By

Published : Jul 30, 2020, 8:15 PM IST

ধুবুৰীত কৰণতঙ্কৰ মাজতেই এইবাৰ জাপানীজ এনকেফেলাইটিজৰ আতংক । জিলাখনত এতিয়ালৈকে পাঁচজন লোক আক্ৰান্ত জাপানীজ এনকেফেলাইটিজত ।

জাপানীজ এনকেফেলাইটিজৰ আতংক
জাপানীজ এনকেফেলাইটিজৰ আতংক

ধুবুৰী, 30 জুলাই : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা ভাইৰাছৰ কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা । কিন্তু কৰ'ণাক লৈ আতংক চলি থকাৰ সময়তে ধুবুৰী জিলাখনৰ বাবে আন এক ভয়ংকৰ খবৰ আহিছে । জিলাখনত যোৱাবৰ্ষত বহু কেইজন লোক জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হোৱাৰ পিছত এইবেলি পুনৰ জিলাখনত পাঁচজনকৈ লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

ধুবুৰীত জাপানীজ এনকেফেলাইটিজৰ আতংক

জানিব পৰা মতে,কেইদিনমান পূৰ্বে জিলাখনৰ চাৰিজন লোক আক্ৰান্ত হৈছিল যদিও ইয়াৰে দুজন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে । ইপিনে আজি জিলাখনৰ ৰাণীগঞ্জ অঞ্চলৰ এজন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পিছত জিলা স্বাস্থ্যবিভাগৰ ফালৰ পৰা ৰোগীজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰে ।

উল্লেখযোগ্য যে,সম্প্ৰতি তিনিজন ৰোগীৰ ভিতৰত এজন এএমচিএইচত,এজন বঙাইগাঁও নামনি অসম চিকিৎসালয় আৰু আন এজন ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা বুলি জানিব পৰা গৈছে । এই খবৰে স্বাভাৱিকতে আন এক আতংকৰ সৃষ্টি কৰিছে জিলাখনত ।

লগতে পঢ়কঃ মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব, অসমৰ এগৰাকী ৰাইফলমেনসহ 3 শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.