ETV Bharat / state

গোলকগঞ্জত কৰ'ণা আক্ৰান্তৰ পৰিয়ালক সহায়ৰ হাত পঞ্চায়ত সভাপতিৰ

গোলকগঞ্জৰ ভাৰত বাংলা সীমান্তৰ সত্ৰশাল পঞ্চায়ত এলেকাত খাদ্য সংকটত পৰিছে COVID-19ত আক্ৰান্ত পৰিয়াল। পৰিয়াল কেইটাৰ ব্যক্তিগতভাৱে সহায়ৰ বাবে আগবাঢ়ি আহে পঞ্চায়ত সভাপতি কৃষ্ণ কমল সৰকাৰৰ।

গোলকগঞ্জত কৰ'ণা আক্ৰান্তৰ পৰিয়ালক সহায়ৰ হাত পঞ্চায়ত সভাপতিৰ
গোলকগঞ্জত কৰ'ণা আক্ৰান্তৰ পৰিয়ালক সহায়ৰ হাত পঞ্চায়ত সভাপতিৰ
author img

By

Published : Jun 2, 2020, 5:28 PM IST

গোলকগঞ্জ, ২ জুনঃ গোলকগঞ্জৰ ভাৰত বাংলা সীমান্ত অঞ্চলত COVID-19ত আক্ৰান্ত হৈছে সাতজনকৈ ব্যক্তি। আক্ৰান্তক সকলক চিকিৎসালৈ প্ৰেৰণ কৰি ঘৰবোৰ ছীল কৰি দিয়ে প্ৰশাসনে। যাৰ বাবে ঘৰৰ পৰা ওলাব নোৱাৰি খাদ্য সংকটত পৰে কৰ'ণা আক্ৰান্তৰ পৰিয়াল।

গোলকগঞ্জত কৰ'ণা আক্ৰান্তৰ পৰিয়ালক সহায়ৰ হাত পঞ্চায়ত সভাপতিৰ

পৰিয়াল কেইটাৰ এই দুৰ্দশাৰ খবৰ পাই আগবাঢ়ি আহে সত্ৰশাল পঞ্চায়তৰ সভাপতি কৃষ্ণ কমল । পঞ্চায়ত সভাপতি গৰাকীয়ে নিজাববীয়া প্ৰচেষ্টাত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে পৰিয়ালকেইটালৈ।

উল্লেখ্য যে, কৰ'ণা আক্ৰান্ত পৰিয়াল কেইটাক ছীল কৰা দিনাই প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু সময়ত সকলো হয় ফুটুকাৰ ফেনত পৰিণত হয়। যাৰ বাবে খাদ্য সংকটত পৰে পৰিয়ালকেইটা। পিছে পঞ্চায়ত সভাপতি কৃষ্ণ কমল সৰকাৰৰ মহানুভৱতাত কিছু সকাহ পাইছে পৰিয়ালকেইটাই ।

লগতে জানকঃ ইলেক্ট্ৰনিকছ সামগ্ৰীৰ উৎপাদন ক্ষীপ্ৰ কৰিবলৈ তিনিখন আঁচনি ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.